Breaking

লাহোৱাল সমষ্টিৰ বিধায়কৰ উদ্যোগত খনিকৰত বানাক্ৰান্তৰ বাবে সমূহীয়া কঠীয়া সিচাঁৰ কাৰ্যসূচীৰ শুভাৰম্ভ

0 1,587

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ কৃষি  বিভাগৰ মানকটা কৃষিচক্ৰৰ এলেকাস্থিত নিজ খনিকৰ গাৱঁৰ ৮হেক্টৰ মাটিত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত,ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত তথা প্ৰাগ নিউজৰ ডিব্ৰুগড় সাংবাদিক হোমেন ফুকন আৰু সাংবাদিক ধনটি শইকীয়াৰ  একনিষ্ঠ প্ৰচেষ্টাত  বানাক্ৰান্তক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ উদেশ্যে সমূহীয়াভাৱে কঠীয়া সিচাঁ কাৰ্যসূচী হৈ যায়।লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি বনশংকৰ প্ৰজাতিৰ বাহাদুৰ চাব-১ ধানৰ কঠীয়া সিচিঁ  শুভাৰম্ভ কৰি অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে সমূহীয়াভাৱে সিচাঁ কঠীয়া বানাক্ৰান্ত কৃষকৰ মাজত যোগান ধৰি ধান খেতি কৰিৱ পৰাকৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা হৈছে বুলি উল্লেখ কৰে আৰু  বানাক্ৰান্ত কৃষক সকলে এই কঠীয়া যোগাৰ পালে উপকৃত হব বুলি প্ৰকাশ কৰে।সমূহীয়াভাৱে কঠীয়া সিচাঁ কাৰ্যসূচীত অসম ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক ৰাহুল দেৱ সোনোৱাল,ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এচ ডি অ সুৰেণ কুৰ্মি ‘মানকটা কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া শ্ৰীলেখা হাজৰিকা ‘কৃষি বিভাগৰ অভিযন্তা ভুপেন দাস আৰু কৃষি বিভাগৰ সম্প্ৰসাৰণ সহায়ক ৰাজীৱ গগৈ ‘এন এফ এচ এম প্ৰেৰণা প্ৰৱৰ গগৈ ‘খনিকৰ মণ্ডল বিজেপিৰ সম্পাদক দেৱৰাজ তাতী ‘ডিব্ৰুগড় জিলা বিজেপি যুৱমৰ্চাৰ সম্পাদক মনোজ কুমাৰ গগৈ ‘বিজেপি যুৱমৰ্চাৰ সামাজিক মাধ্যমৰ আহবায়ক শ্যামকানু গগৈ আৰু খনিকৰ গাওঁ পঞ্চায়তৰ সভাপতি বিনয় মাঝি আদিয়ে সহযোগিতাৰে সেৱা আগবঢ়ায় ।

Leave A Reply