Breaking

লেংডন বার্তালোচনীৰ উন্মোচন

0 80

অসমৰ সংবাদ জগতত নতুনকৈ সংযোজন হ’ল লেংডন বার্তালোচনী। যোৱা ২ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাত লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজীৱ পানীফুকনে সম্পাদনা কৰা লেংডন নামৰ বাৰ্তালোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰা হয়।

লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইয়ে জনাই যে লেংডনৰ প্রস্তাৱনা সংখ্যাটোত বিগত সময়ছোৱাত যিখিনি কার্য সমাপন কৰিছে সেইখিনি সন্নিৱিষ্ট কৰা হৈছে অর্থাৎ এখন দলিল ৰূপত প্ৰকাশ কৰা হৈছে।

পৰৱৰ্তী সংখ্যটোৰ পৰা ‘লেংডন’ এখন পূৰ্ণাংগ বাতৰি কাকত প্ৰকাশ হ’ব। মাত্র ৰাজনৈতিক কার্যকলাপৰ বাতৰি বাদ দি অন্যান্য সকলো শিতানেই সন্নিৱিষ্ট কৰা হ’ব। লেংডন ফাউণ্ডেশ্যন তথা লেংডন বাতৰি কাকতে অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি কাম কৰিব তথা ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ কাম কৰিব।

উন্মোচনী সভাত ডঃ মনোৰঞ্জন বৰগোহাঁই, ড° প্রশান্ত মাধৱ গোস্বামী, হৰেণ বৰগোহাঁই, বিষ্ণু ডেকা, সুভাষ শর্মা, মতি নাথ, ইন্দ্ৰেশ্বৰ বৰগোহাঁই, ৰেখা বৰগোহাঁই, বিতুমনি গোস্বামী, প্ৰেমলতা ফুকন, জিতুৰাজ শ‍ইকীয়া, কবী বৰগোহাঁই উপস্থিত থাকি লেংডন বার্তালোচনী খনৰ দীর্ঘায়ু কামনা কৰে।

Leave A Reply