লাভলীনালৈ আৰ জি বৰুৱা বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে অসমৰ ক্রীড়া জগতক গৌৰৱান্বিত কৰা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আৰ জি বৰুৱা বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়াইছে অসম ক্রীড়া সাংবাদিক সন্থাই৷ অহা ১১ জানুৱাৰীত গুৱাহাটীত খেলুৱৈগৰাকীক এই বঁটা প্রদান কৰা হ’ব বুলি সন্থাই এক বিবৃতিত জানিবলৈ দিছে৷

ইফালে অসমৰ প্রতিভাৱান সাতোৰবিদ শিৱাংগী শর্মা আৰু ভাৰোত্তোলক সিদ্ধান্ত গগৈক সন্থাই নৃপেন্দ্র নাৰায়ণ সিংহ সোঁৱৰণী বর্ষশ্রেষ্ঠ জুনিয়ৰ ক্রীড়াবিদৰ বঁটা আগবঢ়াইছে৷ একেদৰে অসম ৰাজ্যিক ভলীবল দললৈ নুৰুল আমিন সোঁৱৰণী বর্ষশ্রেষ্ঠ দল আৰু প্রেমধৰ শর্মালৈ পুলিন দাস জীৱনজোৰা সফলতাৰ বঁটা আগবঢ়োৱা হৈছে৷ অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ সহযোগত অসম ক্রীড়া সাংবাদিক সন্থাই প্রায় তিনি বছৰৰ বিৰতিত এ এছ জে এ বার্ষিক ক্রীড়া বঁটা ঘোষণা কৰিছে৷

Related Articles