Breaking

চুৰচুৰী হাইস্কুলত মুখ্য তোঁৰনৰ আধাৰশিলা স্থাপন আৰু স্থায়ী মঞ্চৰ উদ্বোধন

0 71

নলবাৰী জিলাৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চুৰচুৰীত বৃহস্পতিবাৰে চুৰচুৰী হাইস্কুলৰ মুল তোঁৰনৰ আধাৰশিলা স্থাপন লগতে স্থায়ী মঞ্চ উদ্বোধন কৰা হয়  । এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শংখ, ঘন্টা, বৰকাহ, উৰুলিৰ মাজেৰে হাইস্কুলখনৰ প্ৰয়াত সহঃ প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা হাজৰিকাৰ নামত উচুৰ্গা কৰে মুখ্য তোঁৰন ৷

তোঁৰনখনৰ  আধাৰশিলা স্থাপন কৰে প্ৰয়াত অৰ্চনা হাজৰিকা স্বামী জিতেন হাজৰিকাই লগতে প্ৰতিস্থাপক প্ৰধান শিক্ষক প্ৰয়াত ধৰনীধৰ হাজৰিকা সোঁৱৰণী স্থায়ী মঞ্চখন মুকলি কৰে ধমধমা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অমিয় হাজৰিকাই ৷

শিক্ষক মুনিন্দ্ৰ গোস্বামী  আঁতধৰা উক্ত অনুষ্ঠানত প্ৰধান শিক্ষক বসন্ত তালুকদাৰ , চুৰচুৰী হাইস্কুল পৰিচালনা সমিতি সভাপতি আশোক হাজৰিকা,  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ হাজৰিকা , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট হাজৰিকা , প্ৰতিস্থাপক প্ৰধান শিক্ষক প্ৰায়ত ধৰণীধৰ হাজৰিকা পত্নী মিনা হাজৰিকা ,  ২৮ নং বৰনৰ্দ্দী গাওঁ পঞ্চায়ত সভাপতি মনোজ হাজৰিকাৰ উপৰিও বিদ্যালয়ৰ খনৰ শিক্ষক -শিক্ষয়িত্ৰী ,  ছাত্ৰছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে ৷

Leave A Reply