Breaking

ৰামদিয়াত আদৰ্শ গ্ৰাম্য যোঁজনাৰ অধীনত উণ্ণয়নমূলক কামৰ আধাৰশিলা স্থাপন

0 2,230

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়াৰ প্ৰতিনিধিবৰ্গই আজি আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনৰ চাৰিটাকৈ কামৰ আধাৰশিলা স্থাপন কৰে।ৰামদিয়াৰ খগেন ভৰালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাজৰকুৰিত আজি অসম আদৰ্শ গ্ৰাম্য যোঁজনাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খোৱাপানী আচনিৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় ৩.৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলৈ লোৱা আঁচনি খনৰ আধাৰশিলা স্থাপন কৰে ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে। ৭ লাখ টকা ব্যয় সাপেক্ষে শ্বহীদ খগেন ভৰালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাজৰকুৰি গাওঁৰ দলোপাৰা গড়কাপ্তানি পথৰ পৰা অজিত ঠাকুৰীয়া ঘৰৰ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে বিজেপিৰ জ্যোষ্ঠ নেতা নৱজ্যোতি দাসে । তাৰ পিছতেই মাজৰকুৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ৩ লাখ টকা আৰু ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলগীয়া কামৰ আধাৰশিলা স্থাপন কৰে ৩নং জিলা পৰিষদৰ সদস্য বিপুল দাসে, শীৰ্ষক শুভ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে  হাজো  আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক, খগেন ভৰালী গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী ভৰালী, হাজো ব্লকৰ অভিযন্তা হলধৰ কলিতা, বামুন্দী গাওঁ পঞ্চায়তৰ সভানেত্ৰী চন্দ্ৰা কলিতা ,ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকা, মাজৰকুৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকু়ট দাস,ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল ডেকা, হাজো মণ্ডল বিজেপিৰ উপ সভাপতি   বিষ্ণু প্ৰসাদ পাঠক ,উত্তৰ কামৰূপ জিলা বিজেপি আই টি বিভাগৰ সহ আহ্বায়ক  অৰূপ কাকতি নবীন ,গোলোক ভৰালী , ৱাৰ্ড সদস্যা মীনা ডেকা, গীতা তালুকদাৰ খগেন ভৰালী গাওঁ পঞ্চায়তৰ সচিব ফজলুল হককে ধৰি পঞ্চায়তৰ কৰ্মকৰ্তা তথা একাংশ বিশিষ্ট গণ্য মান্য বিশিষ্ট ব্যক্তি ।

Leave A Reply