Breaking

বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু উপ দলপতি ৰকিবুল ইছলামে ভূৰাগাঁৱৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে…

0 84

বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়া আৰু উপ দলপতি ৰকিবুল ইছলামে ভূৰাগাঁৱৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। লাহৰীঘাট সমষ্টিৰ কুপতিমাৰী আৰু বালিডোংগাত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াত জাহ গৈছে বহুলোকৰ ঘৰ-বাৰী চৰকাৰী বিদ্যালয়কে আদি কৰি কেইবা লক্ষ্যাধিক টকাৰ সা-সম্পত্তি। জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাই সোমবাৰে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছতেই খৰতকীয়া হৈ উঠিছে খহনীয়া প্ৰতিৰোধৰ কাম।

জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাহঁৰ জেং আৰু মাটি ভৰ্তি জি’অ বেগৰ কাম অব্যাহত ৰাখিছে। আজি খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুলে হুছেইনে। তেওঁলোকক সংগ দিয়ে স্থানীয় বিধায়ক ডাঃ আছিফ নাজাৰে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply