Breaking

অপৰাজিতা ফুলৰ ঔষধি গুণৰ বিষয়ে জানক…

0 59

অপৰাজিতা ফুল প্ৰায় সকলো মানুহৰ ঘৰতে আছে। অপৰাজিতা ফুল দেখিবলৈ বৰ শুৱনি। ই লতা জাতীয় ফুল। অপৰাজিতা ফুল দুইবিধ আছে। এবিধ বগা আৰু আনবিধ নীলা বৰণীয়া। দুয়োবিধ ফুলেই দেৱতাৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ মূল ঈষৎ নীলা, শ্বেত আৰু গোলাকাৰ। ইয়াৰ শিপাৰ ৰসৰ স্বাদ কেঁহা, জ্বলা আৰু তিতা। অপৰাজিতাৰ মূল আৰু পাত ভাল ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়।

পৰিমাণ

শিপাৰ ৰস এক তোলা, কহ এক তোলা আৰু শুকোৱা চূৰ্ণ চাৰি অনাৰ পৰা আধা তোলা পৰ্যন্ত।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

অপৰাজিতাৰ মূল ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱ সূচল হয়। স্নিগ্ধ জ্বৰ, হুপিংকাহ, পুৰণি কাহ, শোথ আৰু যকৃৎ প্লীহা বৃদ্ধি ৰোগনাশক। এই লতাৰ গুটিৰো বিশেষ গুণ নথকা নহয়। ইয়াক ব্যৱহাৰ কৰিলে তিনি ৰতি পৰিমাণ।

উভয়বিধ অপৰাজিতাৰেই কেহা, জ্বলা আৰু তিতা ৰস থাকে। পৰিপাকত জ্বলা হয়। ই শীতবীৰ্য, মেধজনক, ওঁঠৰ হিতকাৰক, স্বৰৰ্ধক, চকুৰ ৰোগ নাশক আৰু দৃষ্টিশক্তিবৰ্ধক। ৰক্তদোষ, কুষ্ঠ, বিষদোষ, শোথ, ব্ৰণ, ত্ৰিদোষ নাশক আৰু আমদোষ নাশক। স্মৃতি আৰু বুদ্ধিকাৰক। জ্বৰ, দাহ, ৰক্তা তিসাৰ, বমি, উন্মাদ, মদৰোগ, ভ্ৰম, শ্বাস, কাহ আৰু অম্লপিত্ত ৰোগ উপশম কাৰক।

শিৰা ৰোগ, অৰ্ধ কপালৰ বিষ, সূৰুয কপালি বিষ মূৰৰ বিষত অপৰাজিতা বৰ উপকাৰী। নীলা অপৰাজিতা মূলৰ গুড়ি কৰি নস্য ল’ব লাগে। সৰ্প দৰ্শনৰ বিষত নীলা অপৰাজিতাৰ মূল বটি দংশন স্থাপন প্ৰলেপ দিলে আৰু আভ্যন্তৰিক প্ৰয়োগ কৰিব পাৰিলে বৰ উপকাৰ হয়। উন্মাদ, ভূতোন্মাদ ৰোগতো অপৰাজিতাৰ মূলৰ ৰস এক তোলা আৰু চাউল ধোৱা পানী এক তোলা পৰিমাণে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

বগা অপৰাজিতাৰ মূল আধা তোলা, গৰুৰ ঘিউ তোলা নিয়মিতভাৱে ব্যৱহাৰ কৰিলে গলগণ্ড ৰোগ আৰোগ্য হয়।

পৰিণাম শূল নামৰ বেমাৰত নীলা অপৰাজিতা মূল আধা তোলা, চেনি, মৌ আৰু গৰুৰ ঘিউ মিহলাই সেৱন কৰিলে ৰোগৰ উপশম ঘটে।

অপৰাজিতাৰ মূলৰ ছালৰ ৰস শূল ৰোগত উপকাৰী। এক তোলা ওজনৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী

Leave A Reply