Breaking

চামতাৰ বিহু ঢুলীয়া শিল্পী জিতেন বর্মনক নামনি বিহুৰত্ন ২০২২ বঁটা প্রদান

0 1,091

অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান এড্যু কালচাৰেল পইন্টৰ উদ্যোগত আৰু সৰভোগৰ বৰনগৰ মাঘী উৎসৱত  যোৱা ১৯ ফেব্ৰুৱাৰীত অসমৰ অন্যতম বিহু ঢুলীয়া শিল্পী চামতাৰ জিতেন বর্মনক  নামনি বিহুৰত্ন প্রদান কৰা হয়৷ যি গৰাকী বিহু ঢুলীয়া শিল্পীক এইবেলি নামনি বিহুৰত্ন বঁটা প্রদান কৰিলে তেখেতে অসমৰ বিভিন্ন বিহু মঞ্চত বিহু হুচৰী দলৰ উপৰিও অকলে বিহু ঢোল বজাই অসমৰ মানুহক আকর্ষিত কৰিছিল ৷ নলবাৰী জিলাৰ যিটো বিহু হুচৰী দলত জিতেন বর্মনে বিহু ঢোল বজাইছিল সেই দলটোৰ পৰিবেশন চোৱাৰ বাবে আজিৰ পৰা দুই দশকৰ আগতে মানুহে অপেক্ষা কৰিছিল ,কাৰন জিতেন বর্মনৰ লগত সমানে ঢোল বজোৱা ঢুলীয়া হয়টো উজনী বিহুহুচৰী দলতো নাছিল ৷

তেখেতৰ সুন্দৰ ঢোল বজোৱা দৃশ্য আজিও অসমৰ মানুহৰ মনত ৰৈ আছে ৷গতিকে এইবেলি নামনি বিহুৰত্ন  বঁটা চামতাৰ জিতেন বর্মনক প্রদান কৰাত অঞ্চলটো গৌৰাম্বিত হৈ পৰা দেখা যাই ৷ বর্তমানো জিতেন বর্মনে ঢোল বজোৱা চর্চা অব্যাহত ৰাখিছে ৷ অসমৰ বিভিন্ন যুৱক যুৱতীক বিহু ঢোলৰ প্রশিক্ষন দিয়াৰ উপৰি  বহাগ বিহুৰ সময়ত বিভিন্ন বিহুত অনুষ্ঠিত হোৱা বিহুনৃত্য ,ঢোলবাদন ,হুচৰী প্রতিযোগিতাৰ বিচাৰক হিচাপে আমন্ৰীত অতিথি হিচাপে উপস্থিত থাকিও চর্চা অব্যাহত ৰাখিছে ৷এই বেলি নামনি বিহুৰত্ন ২০২২ বঁটা হিচাপে জিতেন বর্মনলৈ আগবঢ়াই ফুলাম জাপি, চেলেং, মানপত্র ,নগদ ধন আদি ৷ এইবেলি  নামনি অসমৰ নামনি বিহুৰত্ন বঁটাতো উপযুক্ত শিল্পীয়ে লাভ কৰা বুলি একাংশ সাংস্কৃতিক লোকে উল্লেখ কৰে ৷

Leave A Reply