Breaking

চৰাইদেউ জিলা সাংবাদিক সন্থা আৰু চৰাইদেউ বাতৰিৰ উদ্যোগত ‘কেৰিয়াৰ হিচাপে সাংবাদিকতা’ শীৰ্ষক বক্তৃতা প্ৰদান অনুষ্ঠান

0 121

“অনিসন্ধিৎসু এটা মনে সাংবাদিকতাৰ ক্ষেত্রত প্ৰৱেশ কৰাত যোগাত্মক প্ৰভাৱ পেলাই। এটা সংবাদে এজন ব্যক্তিক জনমানসত যেনেদৰে হেও প্ৰতিপন্ন হোৱাত সহায় কৰে তেনেদৰে এজন ব্যক্তিক শূন্য অৱস্থাৰ পৰা জনপ্রিয়তাৰ দূুৱাৰদলিত ঠিয় কৰাব পাৰে। সেইবাবেই এগৰাকী সাংবাদিকে এটা নিউজ প্ৰকাশ কৰোতে যোগাত্মক চিন্তাৰে নিজ সংবাদ প্ৰৰিবেশন কৰিব লাগে। সাংবাদিকতা বৰ সহজ কৰ্ম নহয় ভাষা, জ্ঞানৰ সমাহাৰ ঘটাই যুগুত কৰা প্ৰতিবেদনে এজন ব্যক্তিক এখন সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই দিশটোক প্ৰতিগৰাকী সাংবাদিকে অনুধাবন কৰিব পৰা বৌদ্ধিক চিন্তাৰ গৰাকী হোৱাটো নিতান্তই প্ৰয়োজন। সাংবাদিক হ’ব খোজা সকলে এনে বোৰ দিশত প্ৰথম অৱস্থাৰ পৰা গুৰুত্ব দিব লাগিব।”- চৰাইদেউ জিলা সাংবাদিক সন্থা আৰু চৰাইদেউ বাতৰিৰ উদ্যোগত ২৮ জুন তাৰিখে চৰাইদেউস্থিত লংপতীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ’কেৰিয়াৰ হিচাপে সাংবাদিকতা’ শীৰ্ষক এখনি বক্তৃতা প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি চৰাইদেউ বাতৰিৰ মুখ্য উপদেষ্টা ধৰ্মেশ্বৰ কোঁৱৰে এনেদৰে কয় ।

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয় খনৰ ছাত্র-ছাত্ৰীসকলে কোৰাছ পৰিৱেশন কৰে। চৰাইদেউ জিলাৰ সাংবাদিক সন্থাৰ সভাপতি তথা চৰাইদেউ বাতৰিৰ মুখ্য সম্পাদক মৃদুল কুমাৰ চাহুয়ে উদ্বোধন কৰা কেৰিয়াৰ হিচাপে সাংবাদিকতা শীর্ষক বক্তৃতা অনুষ্ঠানত মূুখ্য বক্তা ৰূপে “দৈনন্দিন বাৰ্তা” কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াই সাংবাদিকতাক কেৰিয়াৰ হিচাপে আগবঢ়াই নিয়াত সাংবাদিকসকলৰ কৰণীয় আৰু দৃষ্টিভংগীৰ ওপৰত সাৱলীল বক্তৃতা আগবঢ়াই৷

লগতে তেওঁ এজন ব্যক্তিয়ে সাংবাদিকতাক কেৰিয়াৰ হিচাপে ল’বলৈ হলে আন বিভাগৰ দৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব আৰু অধ্যয়ন পুষ্ট মানসিকতা হ’ব লাগিব, প্ৰতিজন ছাত্র ছাত্রীৰে একোটা লক্ষ্য থাকে সেই লক্ষ্যত উপনীত হ’ব পৰাকৈ নিজৰ ভিতৰুৱা মনটোক সবল ৰূপত গঢ় দিব লাগিব বুলি উল্লেখ কৰে।

তাৰোপৰি অনুষ্ঠানত উপস্থিত থাকে ‘দ্য আসাম ট্ৰিবিউন’ কাকতৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ, লিখক নৱজ্যোতি বৰা, ’দৈনন্দিন বাৰ্তা’ৰ মৰিয়নীৰ সংবাদদাতা কৃষ্ণপ্ৰসাদ শৰ্মা৷ পংকজ ৰাজখোৱাই আঁতধৰা বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰণৱ বুঢ়াগোহাঁই, সন্থাৰ ৰাজ্যিক সমিতিৰ সদস্য মুহিজউদ্দিন আহমেদ, চৰাইদেউ জিলাৰ সাংবাদিক সংস্থাৰ সম্পাদক ধব্ৰুজ্যোতি বৰুৱা, সাংবাদিক বিপিন হাজৰিকা, তৰুন গগৈ , অৱসৰপ্ৰাপ্ত শিক্ষক গিৰিন গগৈ, সঞ্জীৱ প্ৰসাদ নেওগ, আৰু তৃষ্ণা বড়াকে প্ৰমূখ্য কৰি বহু সংখ্যক লোক ।

উল্লেখ্য যে উক্ত কৰ্মশালাত লংপটিয়া জাতীয় বিদ্যালয়, শংকৰদেৱ বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ দুই শতাধিক ছাত্র ছাত্রীকে ধৰি শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই লংপটিয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন তেলিয়ে।

Leave A Reply