Breaking

ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা…

0 83

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ। ভাৰতীয় ক্ৰীড়া জগতৰ শীৰ্ষ সংস্থাসমূহত ৰাজনৈতিক নেতাসকলৰ দপদপনিৰ সময়তে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা।

ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ কালি সমাপ্ত হয় আৰু মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন তাৰকা ক্ৰীড়াবিদগৰাকী সভাপতি হিচাপে নিৰ্বাচিত হয়।

কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজুৱে এই টুইটযোগে প্ৰবীণ খেলুৱৈগৰাকীক আই অ’ এত নতুনকৈ নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনায়। এক টুইটত ৰিজিজুৱে কয়, “ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা কিংবদন্তি স্বৰ্ণ কন্যা পি টি উষালৈ অভিনন্দন।”

তেওঁ লগতে আই অ’ এৰ বিষয়ববীয়া হিচাপে মনোনীত হোৱা দেশৰ প্ৰতিগৰাকী ক্ৰীড়া তাৰকাক অভিনন্দন জনায় আৰু সমগ্ৰ দেশে তেওঁলোকৰ বাবে গৌৰৱ অনুভৱ কৰিছে বুলি টুইটটোত উল্লেখ কৰে।

Leave A Reply