Breaking

বালিজান সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কাঠ আৰু অত্যাধুনিক চেইন-স্ব জব্দ

0 2,249

-ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগে আজি এক গোপন সূত্ৰৰ ভিত্তিত তদন্ত চলাই বালিজান সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায় ৩০ চি এফটি চোৰাং কাঠ আৰু এটা অত্যাধুনিক চেইন-স্ব জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ ভাৱে কাটি মজুদ কৰি ৰখা কাঠখিনিৰ গৰাকীক অৱশ্যে বন বিভাগে আটক কৰিবলৈ সক্ষম নহল।তিনিদিন নেৰানেপেৰা তদন্তৰ অন্তত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগ।ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বিশেষকৈ লেখাপানী আৰু জাগুন সংৰক্ষিত বনাঞ্চলত একাংশ বন দস্যুৱে জধে মধে মূল্যবান গছ সমূহ এফালৰ পৰা কাটি তহিলং কৰি আহিছে।এই ক্ষেত্ৰত লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগে দিন ৰাতি একাকাৰ কৰি দায়িত্ব পালন কৰি আহিছে যদিও বন দস্যুক বন বিভাগৰ গতি বিধিৰ খবৰ যোগান ধৰা দালাল কেইজনমানৰ বাবেই আজি পৰ্যন্ত বন দস্যু কেইটা আটক কৰিব পৰা নাই বন বিভাগে।এই ক্ষেত্ৰত বনাঞ্চল সমূহ ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী জনে কিছু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰাৰো প্ৰয়োজনীয়তা আছে। যদি এনেধৰণেই বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন কৰিব লগীয়া হয় তেন্তে কোনো কাৰণতে নিমিত্ত মাত্র কেইজনমান বিষয়া কৰ্মচাৰীৰে এক বৃহত্তৰ মাটিকালিৰে পৰিবেষ্টিত বনাঞ্চল ৰক্ষা কৰাটো অসম্ভৱ হিচাপে এদিন প্ৰমাণিত হোৱাটো নিশ্চিত।

Leave A Reply