Breaking

অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…

0 30

অসমত এতিয়া আটাইতকৈ জটিল সমস্যাটো হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ সমস্যা। সৰ্বত্ৰ জ্বলিছে মূল্যবৃদ্ধিৰ জুই, এই জুই নিৰ্বাপনৰ ব্যৱস্থা যেন এতিয়া কাৰো হাতত নাই। চৰকাৰৰো নাই, নহ’লেনো প্ৰতিদিনে বয়-বস্তুৰ মূল্যবৃদ্ধি হৈ থকাৰ পিছতো কাৰো গাৰ নোম এডালকে লৰা নাই। অৱশ্যে এই মূল্যবৃদ্ধিকো জয় কৰিব পৰা হৈ গৈছে আমাৰ অসমীয়া মানুহে। কাৰণ আমি দেখি আহিছো, যি হাৰত অসমত মৃল্যবৃদ্ধি হৈ গৈ আছে সেই ক্ষেত্ৰত সকলো নীৰৱ, কাৰো যেন গাতেই লগা নাই। এই বিষয়ক লৈ কোনেও মূৰ গৰম কৰাৰো প্ৰয়োজনবোধ কৰা নাই। যেন বস্তু মূল্য যিমানে বাঢ়ে বাঢ়ক। তাতনো কি আহে যায়! অসম এতিয়া উন্নতিৰ পথত। এতিয়া মূূল্যবৃদ্ধিৰ বাবে কাৰো অন্তৰত জুই নজ্বলে। কাৰণ এতিয়া আমাৰ একোৰে অভাৱ নাই। কেৱল ঘৰতে শুই-বহি খাই থাকিলেই হ’ল। এতিয়ানো আমাৰ কিহৰ অভাৱ। যদিও শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম, গেছ চিলিণ্ডাৰ, চাউল, দাইল, মিঠাতেল, অন্যান্য ঘৰুৱা সামগ্ৰী, পেট্ৰ’ল-ডিজেল, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে তথাপি আমি বিনামূলীয়াকৈ চাউল পাইছো, বিনামূলীয়াকৈ ঘৰ পাইছো, হোৰাহোৰে বেংকত টকা সোমায়ে আছে আৰু যে কত কি আঁচনি। ইফালেতো সকলো মহিলা লাখপতি হ’বই। আৰুণো আমাক কি লাগিছে।

সকলো ফালে কেৱল সুখেই সুখ, আনন্দই আনন্দ, জয়জয়-ময়ময় অৱস্থা। এতিয়া এনে হৈছেগৈ যে আমাৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰখনৰো যেন আৰু আমাৰ প্ৰয়োজন নোহোৱা হ’ব, যেনেদৰে নানা চমক সৃষ্টি কৰি ব’বলৈ লৈছে ‘আঁচনি’ নামৰ বিশাল নৈখন। গতিকে আমাৰ সকলো ফালে সুখেই সুখ। ভৱিষ্যতে যি হয় হৈ থাকক, তাক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজনেইবা কি। আমাক বৰ্তমানটোহে লাগে। সেয়ে খাঅ’ পিঅ’ মজ কৰ’। বৰ দুখৰ কথা যে আমাৰ এই সুবিধাবাদী চৰিত্ৰটোৰ কাৰণেই এদিন সুযোগ লৈছিল ব্ৰিটিছসকলে। তেওঁলোকে ভালদৰেই জানিছিল আমাৰ এই অসমীয়া জাতিটোৰ দুৰ্বলতা কোনখিনিত। সেয়ে তেওঁলোক অসমলৈ আহিয়েই অসমৰ চুকে-কোণে প্ৰচলন কৰিছিল ‘কানি’ নামৰ বৰবিহৰ। অসমীয়া মানুহে ইয়াকে ব্ৰিটিছসকলৰ বৰদান বুলি গ্ৰহণ কৰি কেৱল এতিয়াৰ দৰে সকলো বাদ দি কেৱল কানি খোৱাত নিমজ্জিত হৈ পৰিল। কানি খাই খাই গৌৰৱোজ্জ্বল অসমীয়া জাতি হৈ পৰিল ‘কানীয়া’, ‘সোৰোপা’, ‘এলেহুৱা’। ইফালে কানি খুৱাই চতুৰ ব্ৰিটিছসকলে আমাৰ পৰা কাঢ়ি ল’লে আৰ্থিক, মানসিক, নৈতিক আৰু স্বাৱলম্বী হোৱাৰ মাসিকতা আদি। এনেদৰেই স্বাধীন-স্বাভিমানী অসমীয়া এদিন হৈ পৰিল পৰাধীন, পৰমুখাপেক্ষী, দুৰ্বল-নিশকটীয়া অসমীয়া জাতি। কিন্তু তাতনো কাৰ কি আহে-যায়। সকলো মতলীয়া কানিৰ ৰাগীত। আৰু ব্ৰিটিছসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ এপদ এপদকৈ লুটি নিলে আমাৰ সকলো আনকি স্বাধীনতাও। তেতিয়াই অসমীয়াৰ পিঠিত এটা মোহৰ লাগিল- ‘কানীয়া অসমীয়া’ বুলি।


ঠিক একেদৰে এতিয়া আকৌ সকলো আন এক নিচাত হাবুডুবু খাই কানীয়া, ধোদ, অকৰ্মণ্য বিভূষণেৰে বিভূষিত হ’বলৈ গৈ আছে বীৰ লাচিত-মূলাগাভৰুৰ বংশধৰসকল। এতিয়াৰ অসমীয়াৰ এই নিচা হ’ল আঁচনিৰ নিচা। বৰ্তমান আমাৰ একাংশক এই আঁচনিৰ নিচাই এনেদৰে গাত ধৰিছে, বিশেষকৈ একাংশ মহিলাৰ যে ঘৰত থাকিবলৈয়ে সময় নোহোৱা হৈছে। পুৱাই ওলাই যায় বিভিন্ন আঁচনিৰ পিছত। ঘৰত সময় দিবলৈও তেওঁলোকৰ সময় নোহোৱা অৱস্থা। ল’ৰা-ছোৱালীৰ যত্ন লোৱা, খুৱাই-বুৱাই স্কুললৈ পঠিওৱা, স্বামীৰ যত্ন লোৱা আদিতো দূৰৰে কথা। গতিকে আজিৰ মানুহে মূল্যবৃদ্ধিৰ কথা বা ৰাজ্যখনৰ আৰু ক’ত কি ঘটি আছে সেইবোৰত মন-কাণ দিবলৈ অৱকাশেই নাই।


বৰ্তমান অসম মুলুকত অবাধ হাৰত মদৰ প্ৰচলন হৈছে। চহৰৰ প্ৰতিটো চেণ্টাৰতে এখন হ’লেও মদৰ বিপণী খোলা হৈছে, খুলিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ মূল কাৰণেই হৈছে ৰাজহ। আটাইতকৈ ৰাজহ সংগ্ৰহ হোৱা সামগ্ৰী বিধেই হ’ল সুৰা বা মদ। সেয়ে চৰকাৰক এতিয়া প্ৰয়োজন ৰাজহৰ। যেনেকৈয়ে নহওক, যিদৰেই নহওক, লাগে কেৱল ৰাজহ। বৰ্তমান মদ নহ’লে কোনো অনুষ্ঠানেই অনুষ্ঠিত নহয় অসমত। বিয়া, বিহু, পূজা-পাৰ্বণ আনকি মৃতকৰ সৎকাৰ কৰিবলৈ যোৱাৰ সময়তো মদ লাগিবই। আৰু এটা কথা— মদৰ প্ৰয়োজন নাই ক’ত? খুব স্ফূৰ্তিতো প্ৰয়োজন হয় মদৰ, দুখতো সংগী মদ, কেতিয়াবা অকলে থাকিলেও লাগে মদ, বন্ধু-বান্ধৱ আহিলেও মূল প্ৰয়োজনীয় বস্তুটোৱেই হ’ল মদ। কোনোবা মৰিলেও লাগে মদ আৰু কোনোবা জন্মিলেও প্ৰয়োজন হয় মদৰ। মুঠতে মদ এনে এবিধ বস্তু, যাক নহ’লে একো কথাই নহয় বা একো কামেই নহয়। গতিকে সুবিধাটো ইয়াতেই। হয়তো ভবা হ’ল মদৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰিব পাৰা যায়। সেয়ে সকলো ফালে মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ’ল। এতিয়া তিনিআলি, চাৰিআলি, চ’কে-বজাৰে উভৈনদী মদৰ বিপণী। এনেদৰেই আকৌ যেন প্ৰচলিত কৰা হ’ল ব্ৰিটিছৰ সময়ৰ পৰিৱেশ। ব্ৰিটিছে অসমীয়া মানুহৰ মাজত প্ৰচলন কৰিছিল ‘কানি’ আৰু আজি অবাধে প্ৰচলন কৰা হৈছে সুৰা। কানিৰ ৰাগিত সেই সময়ৰ অসমীয়া হৈছিল ‘কানীয়া’ আৰু আজিৰ অসমীয়া হৈছে ‘মদাহী’। বদনাম কিন্তু একেটাই। তেতিয়া ব্ৰিটিছে শাসনৰ সুবিধাৰ বাবে প্ৰচলন কৰিছিল কানিৰ আৰু আজি প্ৰচলন কৰা হৈছে মদৰ। কেৱল ৰাজহ বৃদ্ধিৰ বাবেই চ’কে-বজাৰে, অলিয়ে-গলিয়ে মদৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি শেহতীয়াকৈ প্ৰতিখন বিপণীকে এক নিৰ্দিষ্ট পৰিমাণত সুৰা বিক্ৰী কৰিবলৈ দিয়া আজব নিৰ্দেশনাই সকলোৰে চকু কপালত তুলিছে। এই নিৰ্দেশনা অনুসৰি আবকাৰী বিভাগে ২০২৪-২৫ বৰ্ষত বিলাতী সুৰা, বীয়েৰ বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে জিলা আবকাৰী অধীক্ষকসকললৈ নিৰ্দেশ জাৰি কৰাৰ খবৰে হতচকিত কৰি তুলিছে সচেতন মহলক। সেই নিৰ্দেশনা অনুসৰি ২০২৪-২৫ বৰ্ষটোৰ বাবে সুৰা বিক্ৰীৰ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে- ১.৬১ কোটি কাৰ্টন।

আনহাতে, বীয়েৰ বিক্ৰীৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ১.২১ কোটি কাৰ্টন। পূৰ্বে সুৰা আৰু বীয়েৰ বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছিল ক্ৰমে ১.৪৭ কোটি কাৰ্টন আৰু ১ কোটি কাৰ্টন। আবকাৰী বিভাগৰ এই নিৰ্দিষ্ট লক্ষ্য পূৰাবৰ বাবে এতিয়া মহানগৰীত থকা সুৰাৰ বিপণীসমূহে প্ৰতি মাহত সুৰা বিক্ৰী কৰিব লাগিব ৪,৫০০ লিটাৰ আৰু বীয়েৰ বিক্ৰী কৰিব লাগিব ৩,৩১০ লিটাৰকৈ। এই কথা সংবাদ মাধ্যমত প্ৰকাশ হৈছে যদিও অৱশ্যে এই কথা অস্বীকাৰ কৰিছে বিভাগীয়ভাৱে। কিন্তু শেহতীয়াকৈ পুনৰ অসমত ২০৩খন নতুন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ দি আকৌ যে সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ ওলাইছে সেয়া সত্য। এইবোৰ কৰা হৈছে কেৱল ৰাজহ সংগ্ৰহৰ একমাত্ৰ লক্ষ্য হিচাপে লৈ। মুঠতে আমাৰ ৰাজ্যখনৰ সকলো ফালে এতিয়া কেৱল সুৰাৰ বন্যা। ঋণত পোত গৈ থকা চৰকাৰখনে এনে ব্যৱস্থা কৰিবই লাগিব, কাৰণ যেনেকে নহওক ৰাজহ বৃদ্ধি হ’বই লাগিব। কিন্তু ৰাজহ ফাঁকিৰে ৰাজ্যখনত অবৈধ বেহা চলাই থকা প্ৰতিষ্ঠান, ব্যক্তিক নিয়ন্ত্ৰণ কৰি সেই উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নকৰি বা সেই অবৈধ ব্যৱসায় আদি বন্ধ নকৰি বা তাৰ পৰা ৰাজহ সংগ্ৰহৰ উপযুক্ত ব্যৱস্থা নকৰি সুৰাৰ দৰে স্বাস্থ্য আৰু ব্যক্তিগত জীৱনৰ লগতে সামাজিক শৃংখলা হানিকৰ মাৰাত্মক বৰবিহ বিধৰ প্ৰচলনত গুৰুত্ব আৰোপ কৰি ‘খাল খান্দি ঘঁৰিয়াল পোহা’ৰ দৰে কথা হোৱা নাইনে বাৰু ? ড্ৰাগ্‌ছ, মাদক দ্ৰব্যৰ কবলৰ পৰা আজিৰ যুৱ-প্ৰজন্মক ৰক্ষা কৰাৰ কথা কৈ আনফালে চৰকাৰেই যদি দোকানে-বজাৰে, তিনিআলি-চাৰিআলি, বাটে-ঘাটে সুৰাৰ ব্যৱসায়ৰ অনুমোদন জনাই একাংশক উৎসাহিত কৰিবলৈ লয় তেনে এয়া নিশ্চয় দুমুখীয়া নীতিয়েই হ’ব। ঘৰৰ পৰা ওলায়েই যদি মদৰ দোকানখন পাই তেনে কোনে বাৰু মন সামৰিব পাৰিব সুৰা সেৱনৰ পৰা। গতিকে দিনে দিনে বৃদ্ধি হৈ গৈ আছে সুৰাসক্ত লোকৰ সংখ্যা, আজিৰ যুৱ-প্ৰজন্মৰ যুৱক-যুৱতীৰ সংখ্যা। দিনে দিনে সংঘটিত হৈ আহিছে অনাকাংক্ষিত দুৰ্ঘটনা, হত্যা, হিংসা, পাৰিবাৰিক অশান্তি আদি। যাৰ প্ৰধান উৎসই হৈছে মদ। আৰু এনেবোৰ কাৰণতে যাক আমি নতুন প্ৰজন্মৰ যুৱক-যুৱতী বুলি সকলোতে অগ্ৰাধিকাৰ দি আহিছো তেওঁলোকৰ মাজতে আজি মানৱীয় প্ৰমূল্য, সামাজিক শিষ্টাচাৰ, দায়বদ্ধতা, আত্মীয়তাবোধ আদি মানৱীয় গুণবোৰৰ অভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ বহু কাৰণৰ ভিতৰত মাদকদ্ৰব্য, ড্ৰাগ্‌ছ আদিয়েই প্ৰধান। বহু ঘৰ-সংসাৰ নিমিষতে চাৰখাৰ হৈ গৈছে একমাত্ৰ সুৰাপানৰ ফলতে।

বহু যুৱকৰ দুৰ্ঘটনা আদিত পতিত হৈ অকালতে জীৱন বন্তি নুমাব লগা হৈছে এই মদ নামৰ বৰবিহৰ বাবেই। ইমানৰ পিছতো চৰকাৰে এই বৰবিহ মদৰ ক্ষেত্ৰত অকল ৰাজহ সংগ্ৰহৰ নামতে ইমান শিথিল হ’লে এদিন যে ইয়াৰ পৰিণাম ভয়াৱহ নহ’ব তাক কোনে ন-দি ক’ব পাৰিব। ‘কানীয়া অসমীয়া’ বুলি ব্ৰিটিছে মোহৰ মাৰি থৈ যোৱা অসমীয়াক আকৌ ‘মদাহী অসমীয়া’ অবিধাৰে কলুষিত নকৰিব। এয়া সকলোৰে ওচৰত আৱেদন। জাতিটোক জীয়াই থাকিবলৈ দিয়ক ৰাজহাড় পোন কৰি। ড্ৰাগ্‌ছমুক্ত অসম গঢ়াসকলে সুৰামুক্ত আন্দোলনো গঢ়ি তোলক। গণ-চেতনা গঢ়ি তোলক জনসাধাৰণেও। তেনে কৰিলেহে অসম ‘অসম’ হৈ জীয়াই থাকিব বিশ্ব দৰবাৰত।

লেখকঃ ভূপেন মহন্ত

Leave A Reply