Breaking

মিছা মাছৰ আচাৰ কেনেকৈ বনাই জানো আহক…

0 58

মিছা মাছৰ আচাৰ:

উপকৰণ: ১)মিছা মাছ ১কেজি, ২)মিঠাতেল১/২লিটাৰ,৩)নহৰু৭ৰ পৰা ১০ ফুটা, ৪)
আদা৬চামুচ সৰু কৈ কটা ,৫)জলকীয়া dear গুৰি৫চামুচ,৬)জিৰা গুৰি ৪চামুচ,চেনী৪চামুচ, নিমখ আন্দাজ মতে ,৭)খৰিচা৫চামুচ, ৮)নেমুৰ ৰস১টা নেমু , ১০)ভিনেগাৰ ১বটল (মিডিয়াম চাইজ) প্ৰণালী:

প্ৰথমতে মাছখিনি চাফা কৰি লৈ বাকলি গুচাই আগদিনা ৰাতি নিমখ হালধী সানি লৈ ভিনেগাৰত ডুবাই এটা পাত্ৰত সিজাব আধা সিজা হলে 8 চামুচ মান চেনী দিব ,পিছদিনা সিজোৱা মিছামাছ খিনিত জিৰাগুৰি আৰু জলকীয়াৰ গুৰি,আদা নহৰু সৰু সৰু কৈ কাটি লৈ মিলাই পেলাব তাৰপিছত মিঠাতেল ধালি কেৰাহীত তেল গৰম কৰিব

তেলখিনি অলপ ঠাণ্ডা হলে মিছা মাছৰ মিশ্ৰণ খিনি ধালি দিব অলপ কম জুইত সিজাব , তাৰপিছত জুইৰ পৰা নমাই থব ,ঠাণ্ডা হলে আন্দাজ মতে নিমখ আৰু খৰিচা ৫ চামুচ দি মিলাই বটলত ভৰাই ৪দিন ৰদত দিব ,৪ দিনৰ পিছত মিছা মাছৰ আচাৰ খোৱাৰ উপযোগী হৈ পৰিব।

লেখিকা স্তুতি হাজৰিকা, বামুণী মৈদাম,৪৬৭৪০৪৫৫৪৪

Leave A Reply