Breaking

পবিত্ৰ মহৰমৰ বহু নজনা কথা জানো আহক …

0 440

পশ্চিম অসমৰ দেশী জনগোষ্ঠীয় লোক সকলে পবিত্ৰ মহৰম পৰ্বটোক আগতে খুব গুৰুত্ব সহকাৰে পালন কৰিছিল আৰু আজিও তাজিয়া, ডাহা, ৰং বিৰঙ কাগজেৰে নাও বনাই এই উৎসব পালন কৰে। উৎসৱ বা মেলা চলাকালিন থানত বিভিন্ন ধৰণৰ ধর্মীয় গীত মাত গোৱাৰ উপৰিও ঢাক, ঢোল, কৰকা বজায় আনকি কৰুণ সুৰত শ্বানাই (চেহনাই) ত সুৰ তোলে।

তাজিয়াৰ সতে সমাজৰ মূৰব্বী বা বিজ্ঞজনে হাতত চোৱৰ (সৰু লাঠীৰ আগফালে ঘোঁৰা নেগুৰৰ চুলি বন্ধা) লৈ বহি থাকিছিল দৰ্শক বা ভক্তগন যেতিয়া তাজিয়া দৰ্শন কৰিছিল তেতিয়া সেই চোৱৰৰ চুলিৰে মূৰত বুলিয়াই দিছিল আৰু তাত ৰাখি থোৱা ভোগ বাতাশা খাব দিছিল। বিশ্বাস যে যিহেতু দুলদুল নামক ঘোঁৰাৰ পিঠিত উঠি ইমাম হাচান ,হুচেইন কাৰবালাৰ যুদ্ধত গৈছিল আৰু যুদ্ধত পৰাস্ত হৈ শ্বহীদ হোৱা খবৰ সেই ঘোঁৰাই আহি ৰাজ্য ৰাজ্য বাসীক জনাইছিল সেয়ে সেই বিধৰ হাক পালে বা বাতাশা খালে মনৰ আশা পূৰণ আৰু বেমাৰ আজাৰ আদি ভাল হয় বুলি দেশী সকলৰ লোকবিশ্বাস আনকি ভক্তগনে আগৰ পৰা মান্নত কৰি ৰখা আশা পূৰণৰ নিমিত্তে তাত গৈ আশীৰ্বাদ লৈছিল, এফালে মহৰমৰ মেলাত বিভিন্ন দোকান পোহাৰ আদিৰে এক উৎসৱ মুখৰ পৰিবেশ আনফালে ভক্ত প্ৰাণ ৰাইজৰ তাজিয়া দৰ্শনে এক সুকীয়া বিশেষত্ব বহন কৰিছিল। বাতাশা, কদমা,আখৈ আৰু গুৰমিঠাইৰ দ্বাৰা প্ৰস্তুত কৰা ঝুৰ মোৱা মুড়িৰ মলা আছিল মহৰম মেলাৰ প্ৰধান আকৰ্ষণ।

বিশেষ উলেক্ষ্য যে মঞ্জিলৰ দিনা ঘৰত কোনেও চৌকা ধৰা মানে একো ৰন্ধা নাছিল,আগুন জ্বলোৱা নিষিদ্ধ। দিনটো চিৰা,মুড়ি ,দৈ বা ফল মূল খাই নামাজ, তেলাৱত কৰি দিনটো কটাইছিল। তাজিয়াৰ বাবে নিদিষ্ট আৰু স্থায়ী দুটা থান থাকে এটা থানত তাজিয়া উদযাপিত হৈছিল আৰু মঞ্জীলৰ পিছত ( মহৰম ১০ তাৰিখক দেশী ভাষাত মঞ্জিল বুলি কোৱা হয় ) সেই তাজিয়া আনখন থানত সযতনে থৈছিল।

থান বোৰক যিহেতু পবিত্ৰ জ্ঞান কৰিছিল সেয়ে তাত মানুহ অহা যোৱা নকৰিছিল আনকি গৰু মহ আদি কৰি জীৱ জন্তুয়ে যাতে কোনো অনিষ্ট কৰিব নোৱাৰে সেয়ে সেই খিনি ঠাই বিশেষ ভাবে সংৰক্ষণ কৰি ৰাখিছিল,দীৰ্ঘদিন এনেকৈ ৰখাৰ বাবে সেই ঠাইত বৃহৎ গছ গছনি ঠন ধৰি উঠাৰ উপৰিও বন জঙ্গলেৰে ভৰি এক জয়াল পৰিবেশ হৈছিল। সেয়ে মানুহে ভয়তে তালৈ যোৱা নাছিল পিছে কালক্ৰমত ব্ৰহ্মপুত্ৰৰ খহনীয়াত তেনে বহু থান নৈৰ বুকুতে জাহ গল। ধৰ্মীয় তাগিদা বা সংস্কৃতিৰ প্ৰতি কিছু অনীহাৰ বাবে “তাজিয়া” দিয়া আৰু “বাহী মেলা” বহোৱা “ডাহা” লাঠী খেল আদি কিছু পৰিমানে বন্ধ হল যদিও নামনি অসমৰ দেশী জনগোষ্ঠীৰ বিশেষকৈ আমাৰ ডাটিয়া গোত্ৰৰ মানুহে মহৰমৰ সময়ত জাৰী গোৱা, দুফৰী মাত্তাম গোৱা, সমূহীয়া মিলাদ কৰা আৰু “যোৰ মুৰগাৰ ছিন্নী” কৰা আদি ধৰ্মীয় তথা সামাজিক অনুষ্ঠান আদি পালন কৰে।

” দুফুৰী মাত্তাম” অৰ্থাৎ দুপৰ শব্দটোক দেশী সকলে “দুফৰ” বুলি উচ্চাৰণ কৰে আৰু মূল মহৰমৰ আগদিনা দুপৰীয়া দেশী সকলৰ মতা সকলে ১০-১২ জনে দল সাজি ঘৰে ঘৰে মাতম বা মাত্তাম বা বিলাপ কৰে। বিলাপ গোৱাৰ সময়ত মাজত নতুন কলৰ পাতত ভোগ হিচাপে এ থোক মনুৱা কল, দিয়া বাতিত চাকি জ্বলাই ইয়াৰ চাৰিওফালে ঘুৰি ঘূৰি আঢ়ৈ পাও(ভৰি) দি হাতচাপৰি বজাই নাচি নাচি আল্লা, ৰচুল, মা ফাতিমা, ইমাম হাছান, ইমাম হুছেইন, শিশু জয়নালক স্মৰণ কৰি, কাৰবালাৰ কৰুণ গাথা গায়। মাইকী মানুহ বিলাকে মান্নত অনুযায়ী টকা সিকা দিয়ে, পানী খুজিলে কলহৰে পানী ঢালি দিয়ে আৰু নাচি নাচি বোকা হলে সেই বোকাত ৰুগীয়া লৰা ছোৱালীক আদিক বগৰাই বোকা লগাই দিয়ে, আখৈ ছটিয়াই দিয়ে আৰু সেই আখৈবোৰ সকলোৱে বুটলি খায়।

বিশ্বাস মতে এনে কৰিলে ৰুগীয়াৰ বেমাৰ আজাৰ আদি ভাল হয়,আখৈবোৰক পবিত্ৰ বুলি গন্য কৰা হয়। এতে এটা কথা সহজে অনুমেয় যে ধৰ্মান্তৰিত হোৱা দেশী সকলোৰ মাজত নতুন ধৰ্মৰ এটা পৰ্বক জনপ্ৰিয় কৰাৰ বাবে ধৰ্ম প্ৰচাৰক সকলে পুৰ্বৰ ধৰ্মৰ নৃত্যৰ ধাৰাটো একে ৰাখি কাৰবালাৰ কৰুণ কাহিনী গোৱাৰ মাজেদি ধৰ্ম চৰ্চ্চা লগতে নিজ পৰম্পৰা অক্ষুন্ন ৰাখি মহৰম পালন কৰে।

এটা কথা সঁচা যে_ ধৰ্ময়ে যিদৰে সংস্কৃতিক প্ৰভাৱিত কৰে, সংস্কৃতিও ধৰ্মক প্ৰভাৱিত কৰে। ধৰ্মৰ নামত সংস্কৃতিক পাহৰি যোৱা উচিত নহয়। নিজৰ সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিও ধৰ্ম কৰিব পাৰি। আৰু এই মহৰম উৎসৱ তাৰেই নিদৰ্শন।

Leave A Reply