Breaking

শাৰদীয় দুৰ্গোৎসৱত সন্ধি পূজাৰ মহত্ব জানো আহক…

0 596

।।ॐ ঐং হ্ৰীং ক্লীং চামুণ্ডায়ৈ ৱিচ্চে ।।

বহুত সময়ত এটা প্ৰশ্ন আহে গোটেই ভাৰতবৰ্ষতে মা দূৰ্গাৰ নটা ৰূপত নৱৰাত্ৰিৰ পূজা হয় কিন্তু অসম, পশ্চিমবঙ্গ আদি ঠাই বিলাকত দেৱী দূৰ্গাৰ ষষ্ঠী তিথিৰ পৰাহে পূজা হয় কিয় । পশ্চিমবঙ্গ অসম আদি ঠাইত কাত্যায়নী কল্পৰ মতে দুৰ্গা পূজা পালন কৰা হয়। প্ৰকৃততে আমাৰ চাৰিদিনৰ দূৰ্গা পূজা ভাৰতৰ অন্য ৰাজ্যৰ ন দিনৰ দূৰ্গাৰ ভিন ভিন ৰূপৰ পূজাৰ এক লঘূ সংস্কৰণ। প্ৰাচীন পুথিত অসমৰ মন্দিৰত আগেয়ে ন দিনৰ দেৱী দূৰ্গাৰ পূজাৰ কথা পোৱা যায় । বঙ্গৰ লোকক আনি ৰাজহুৱা পূজা অৰ্থাৎ মূৰ্তি সাজি পূজা কৰিবলৈ লোৱাৰ পৰাহে চাৰিদিনায়া পূজা আৰম্ভ হ’ল বুলি কব পাৰি।


কাত্যায়নী কল্পত দুৰ্গা পূজা মুখ্যতঃ চাৰিদিনৰ বাবে সম্পন্ন কৰা হয় আৰু এই চাৰিদিন মহা সপ্তমী, দুৰ্গা অষ্টমী , দুৰ্গা নৱমী আৰু দশমীত বিসৰ্জন হিচাপে পালন কৰা হয়। ষষ্ঠীৰ সন্ধিয়া বিল্ৱ বোধন ৰীতি-নীতিৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা আৰু সপ্তমীত ৰাতিপুৱা নৱপত্ৰিকা পূজাৰ সময়ত দেৱী দুৰ্গাক সাতটা পবিত্ৰ পাতৰ সৈতে স্থাপন কৰাৰ পৰম্পৰা কাত্যযানী কল্পৰ বিশেষ বিধান বা নিয়ম।

দূৰ্গা পূজাৰ পূজা-বিধিৰ ভিতৰত সন্ধি পূজাৰ গুৰুত্ব অতি বেছি। অষ্টমী তিথিৰ শেষৰ ২৪ মিনিট আৰু নৱমী তিথিৰ আৰম্ভণিৰ ২৪ মিনিটৰ ভিতৰৰ সময় চোৱাত সন্ধি পূজা হয়। দুটা তিথিৰ সন্ধিক্ষণত হয় বাবে এই সন্ধি পূজা বুলি কোৱা হয়।

এই সন্ধিক্ষণতে চন্দো আৰু মুণ্ড নামৰ দুই অসুৰক বধ কৰিবৰ বাবে মা দূৰ্গাৰ তৃতীয় চক্ষু মেল খাই তাৰ পৰা মা চামুণ্ডা দেৱী অৱতাৰ হৈছিল। দূৰ্গা পূজাৰ চাৰিদিনৰ কাৰ্য্যক্ৰমৰ ভিতৰত মা চামুণ্ডা দেৱীৰ অৱতাৰৰ সময়ৰ পূজা ভাগৰ মহত্ব অতি বেছি। মান্যতা অনুসৰি এই সন্ধিক্ষণত প্ৰতি বছৰে চামুণ্ডা দেৱী ভক্তৰ মাজলৈ আহে । সেয়ে চামুণ্ডা দেৱীক এশ আঠটা চাকি জ্বলাই এশ আঠ পাহ ৰঙা পদুম ফুল, ১০৮ টা বেলপাত, ৰঙা জবা ফুল , চাউল আৰু গোটা ফলেৰে সন্ধি পূজা কৰাৰ নিয়ম আছে ।

সন্ধি পূজাৰ সময় ছোৱাত অলপ সময়ৰ বাবে মা চামুণ্ডা দেৱী ভক্তৰ মাজলৈ আহে আৰু ভক্তই যি বিচাৰে সেয়া দি যায়গৈ। এই সন্ধিক্ষণত সেয়ে শুদ্ধ অন্তৰেৰে দেৱীক নিজৰ ইপ্সিত বস্তুৰ কথা কব লাগে।

লেখক জুলা শৰ্মা

Leave A Reply