Breaking

ধনতেৰছত মালক্ষ্মীক সন্তুষ্ট কৰিবলৈ কি কি কৰিব লাগে আৰু নালাগে জানো আহক…

0 1,270

 * ধনতেৰছৰ দিনা আপোনাৰ ঘৰৰ মূল দুৱাৰত আৰু উত্তৰ দিশটো লেতেৰা কৰি নাৰাখিব। মূল দুৱাৰৰে মালক্ষ্মী আগমন হয় আৰু উত্তৰ দিশটোক ধন কুবেৰৰ দিশ বুলি গণ্য কৰা হয়।

* ধনৰছৰ দিনা ধন খৰচ কৰিব নালাগে বৰঞ্চ বিনিয়োগ কৰিব লাগে। ইয়াৰ ফলত মালক্ষ্মীৰ আশীৰ্বাদ সদায় লাভ কৰিব বুলি বিশ্বাস আছে। সেয়ে ধনতেৰছৰ দিনা সোণ, ৰূপ, ঘৰ, গাড়ী আদি বস্তু লোৱাটো অত্যন্ত শুভ মনা হয়। অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰাৰ পৰা বিৰত থকা উচিত আজিৰ দিনটোত।

* ধনতেৰছৰ দিনটো কেৱল বজাৰ কৰাৰ বাবেই শুভ নহয়, ইয়াৰ উদ্দেশ্য হৈছে মালক্ষ্মী আৰু ধন কুবেৰক সন্তুষ্ট কৰা। সেয়ে আজিৰ দিনটোত পূৰ্ণ ৰীতি-নীতি আৰু ভক্তিৰে দেৱী লক্ষ্মী, কুবেৰ দেৱ আৰু ধনৱন্তৰী দেৱক পূজা কৰিব লাগে।

* ধনতেৰছৰ দিনা কাৰোবাক ধাৰ দিয়াটো অতি অশুভ বুলি গণ্য কৰা হয়। দীপাৱলীৰ পাছত এনে লেনদেন কৰাটো শুভ।

 * ধনতেৰছৰ দিনা কাঁচ, প্লাষ্টিক বা ষ্টীলৰ বাচন-বৰ্তনৰ সলনি পিতল, তাম, সোণ আৰু ৰূপৰ দৰে বিশুদ্ধ ধাতুৰ বাচন-বৰ্তন ক্ৰয় কৰা উচিত।

 * ধনতেৰছৰ দিনা লো সামগ্ৰী ক্ৰয় কৰিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।

 * ধনতেৰছৰ দিনা যদি বাচন-বৰ্তন ক্ৰয় কৰে, তেন্তে ঘৰত কেতিয়াও খালী কৰি নানিব। ঘৰৰ ভিতৰলৈ অনাৰ আগতে তাত কেইটামান চাউল বা পানী ভৰাইহে সেই বাচন-বৰ্তন ভিতৰলৈ আনিলে শুভ মনা হয়।

Leave A Reply