Breaking

হৃদৰোগৰ ৰোগীয়ে ৰঙালাউ খোৱা উচিত নে অনুচিত জানো আহক…

0 292

উদ্ভিদ-বিজ্ঞানৰ দৃষ্টিত ৰঙালাউ কুকাৰবিটেচিয়া (Cucurbitaces) বৰ্গৰ অন্তৰ্ভুক্ত লতাজাতীয় উদ্ভিদ । এই বৰ্গৰ অন্তৰ্গত অন্যবোৰ উদ্ভিদ, যেনে- কোমোৰা, জাতিলাউ, জিকা, ধুন্দুলী, স্কোৱাছ, কেৰেলা, তৰমুজ আদিৰ লগত ইয়াৰ বিশেষ পাৰ্থক্য এয়ে যে ইয়াৰ সোৱাদ মিঠা । হয়তো ইয়াৰ এনে বিশেষত্বৰ বাবেই ইংৰাজীত ইয়াক Sweet gourd বুলি কোৱা হয় । বৈজ্ঞানিকভাৱে ইয়াক Cucurbita maxima নামেৰে জনা যায় । আনহাতে একেবৰ্গৰ অন্যবোৰ ফলৰ তুলনাত ইয়াক বেছি দিনলৈ সাধাৰণ অৱস্থাতে সংৰক্ষণ কৰি ৰাখিব পৰা যায় ।

ফলত ইয়াৰ বজাৰ লাভৰ প্ৰতি কৃষকসকল তেনেদৰে চিন্তি হোৱাৰ প্ৰয়োজন নহয় । ৰঙালাউৰ অন্য এক বিশেষত্ব এয়ে যে ইয়াৰ কোনো অংশই পেলনি নাযায় । ফলবিধৰ বাহিৰৰ বাকলি, ভিতৰৰ মঙহাল অংশ আৰু গুটিকেইটাৰ পৰাও সুস্বাদু ব্যঞ্জন কৰি খোৱাটো সম্ভৱ । তেনেকৈ ইয়াৰ গছৰ পাত, আগ আৰু ফুলো খোৱাৰ অতি উপযোগী । সৰিয়হৰ লগত ইয়াৰ আগেৰে বনোৱা চৰচৰি আৰু তেনেকৈ বেছনৰ সৈতে বনোৱা ফুলৰ বৰা সঁচাকৈয়ে অতি তৃপ্তিদায়ক তথা উপাদেয় আহাৰ ।

এইটো অনস্বীকাৰ্য যে ৰঙালাউ অসমবাসীৰ এক অতি প্ৰিয় খাদ্য । বিশেষকৈ বাৰিষা অন্য পাচলিৰ অভাৱৰ সময়ত বা বানপানীৰ সময়ত ঘৰত সংৰক্ষিত অৱস্থাত থকা ৰঙালাৱে গাঁৱলীয়া লোকক বাৰুকৈয়ে উপকৃত কৰে । কাৰণ ইয়াৰ মঙহাল ফল অংশৰ বাহিৰেও বাকলি আৰু গুটিকো সুকীয়া সুকীয়াকৈ ৰান্ধি সুস্বাদু আহাৰ তৈয়াৰ কৰি খোৱাৰ সুবিধা থাকে । তদুপৰি ইয়াৰ ব্যঞ্জন প্ৰস্তুতিতো তেনে যতনৰ আৱশ্যক নহয় । তাতেই ইয়াক সাধাৰণভাৱে তৰকাৰি কৰি খোৱাৰ উপৰি ভাজি নতুবা খণ্ডিত টুকুৰা সিজাই পিটিকা কৰিও খাব পৰা যায় । কোনো কোনোৱে আকৌ ইয়াৰ হালোৱা তৈয়াৰ কৰিও খায় । এইবিধ খাদ্য প্ৰস্তুতিৰ অন্য এক সুবিধা এয়ে যে যি ব্যঞ্জনেই তৈয়াৰ নহওক কিয়, প্ৰস্তুতিৰ পিছত পূৰ্বৰ আয়তনৰ তেনে হ্ৰাসপ্ৰাপ্তি নঘটে । সেয়েহে সমূহীয়া ভোজনভাত বা অন্য খানাত ইয়াৰ ব্যৱহাৰে গুৰুত্ব পোৱাটো পৰিলক্ষিত হয় ।

পুষ্টিৰ ক্ষেত্ৰতো ৰঙালাউ যথেষ্ট সম্পদশালী । ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত পোৱা পুষ্টি উপাদানবোৰ এনেধৰণৰ- পানী ৯২.৭ গ্ৰাম, প্ৰ’টিন ১.৪ গ্ৰাম, চৰ্বি ০.১ গ্ৰাম, আঁহ ০.৭ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৫ গ্ৰাম, পটাছিয়াম ১৩৯ মি:গ্ৰাম, ছডিয়াম ৫.৬ মি:গ্ৰাম, কেলচিয়াম ১৪ মি:গ্ৰাম, মেগনেছিয়াম ১৪ মি:গ্ৰাম, ফছফৰাছ ৩০ মি:গ্ৰাম আৰু আইৰন ০.৭ মি:গ্ৰাম । শক্তিৰ ক্ষেত্ৰত প্ৰতি ১০০ গ্ৰাম দ্ৰব্যত ২৫ কেলৰি পোৱা যায় । ইবিলাকৰ উপৰি আমাৰ দেহৰ সুৰক্ষাৰ বাবে কম পৰিমাণে প্ৰয়োজন হোৱা উপাদান, যেনে- ছালফাৰ, ক’পাৰ আৰু ক্ল’ৰিনো পোৱা যায় । জনা গৈছে যে শাক-পাচলি আৰু ফল-মূলৰ ভিতৰত বোলে ৰঙালাউতে সৰ্বাধিক ভিটামিন-বি পোৱা যায় । এতেকে এইটো সহজেই অনুমেয় হৈ উঠে যে ইমানবিলাক উপাদানেৰে ভৰা ৰঙালাউ এবিধ গুৰুত্বপূৰ্ণ খাদ্যই হ’ব ।

ৰঙালাউ যে এবিধ পুষ্টিদায়ক পাচলি তাক দোহৰাৰ প্ৰয়োজন নাই । ইফালে ইয়াৰ মিঠা স্বাদে যথেষ্ট তৃপ্তিও প্ৰদান কৰে । তাতোকৈ ডাঙৰ কথা, ইয়াৰ মঙহাল অংশৰ উপৰি গুটিবোৰো ঔষধি গুণসম্পন্ন বুলি জনা গৈছে । সামগ্ৰিকভাৱে ৰঙালাউক বলকাৰক আৰু ৰক্তবৰ্ধক বুলি জ্ঞান কৰা হয় । পকা ৰঙালাউ শুক্ৰবৰ্ধক আৰু দৃষ্টিশক্তিবৰ্ধক ৰুপে অভিহিত । ই শৰীৰৰ দূষিত পদাৰ্থ ঘামৰ লগত বাহিৰ কৰাত সহায় কৰে । সেই কথা অৱশ্যে গৰমৰ দিনত ৰঙালাউ খোৱাৰ পিছত প্ৰায়েই আমিও প্ৰত্যক্ষ কৰো । ৰঙালাউৰ গুটি যৌন উত্তেজনা বৃদ্ধিকাৰক হোৱাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধী গুণসম্পন্ন বুলিও কোৱা হয় । ইয়াত থকা বিটা কেৰ’টিনে শৰীৰত হোৱা টেমুনা আৰু কৰ্কট ৰোগ প্ৰতিৰোধত বৰঙনি যোগায় বুলি উল্লেখ পোৱা যায় । কেৱল সেয়ে নহয়, ৰঙালাউৰ গুটিত ফাইট’ষ্টেৰল নামৰ এবিধ উপাদান থাকে, ই ৰক্তত জমা হোৱা কলেষ্টেৰলৰ পৰিমাণ কমাব পাৰে বুলি পোহৰলৈ আহিছে । তেনেকৈ ইয়াৰ গুটিত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ সবল স্থিতিৰ হেতুকে হাড়ৰ গঠন সুদৃঢ়কৰণৰ লগতে অষ্টিঅ’পৰ’ছিছ ৰোগৰ প্ৰতিৰোধতো ইতিবাচক ভূমিকা গ্ৰহণ কৰে বুলি তথ্য পোৱা গৈছে ।

ৰঙালাউৰ ক্ষেত্ৰত এটি আমোলজনক তথ্য পোৱা গৈছে । সাধাৰণতে ৰঙালাউৰ মিঠা সোৱাদৰ বাবে মধুমেহ ৰোগীসকলে সততে ইয়াক গ্ৰহণৰ প্ৰতি শংকা প্ৰকাশ কৰে । কিন্তু আমাৰ সেই ধাৰণা ভ্ৰান্ত বুলি যোৱা কেইবছৰমানৰ আগেয়ে লণ্ডনস্থ ‘ৰয়েল ফ্ৰী এণ্ড ইউনিভাৰছিটী কলেজ মেডিকেল স্কুলৰ বিজ্ঞানী ডেভিড ৰেণ্ডাৰে ব্যক্ত কৰিছিল যে মধুমেহ ৰোগত আক্ৰান্ত হ’বলৈ ধৰা ব্যক্তি বা এই ৰোগত ভোগা ৰোগীৰ বাবে ৰঙালাউৰ উপাদানসমূহ অতি উপকাৰী, কিয়নো ইবিলাকে মধুমেহ ৰোগীৰ অগ্ন্যাশয়ৰ বিটা কোষবোৰৰ ধ্বংসমুখী কাৰ্য প্ৰতিহত কৰে । সেয়ে বিজ্ঞানীজনৰ মতে ৰঙালাউক এই ৰোগৰ ঔষধ ৰুপেহে ব্যৱহাৰ কৰাটো সম্ভৱ । বাস্তৱতো অৱশ্যে দেখা যায় যে ৰঙালাউত থকা কাৰ্বোহাহড্ৰেটৰ পৰিমাণ তেনে বেছি নহয়, কেৱল ৫ গ্ৰাম / ১০০ গ্ৰামহে । আনহাতে ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত ২৫ কেলৰি পৰিমাণহে শক্তি পোৱা যায় । এতেকে আপাত-দৃষ্টিত ৰঙালাউ মধুমেহ ৰোগীৰ বাবে অপকাৰী নহয় যেন অনুভৱ হয় । সেয়ে ইয়াৰ প্ৰমাণ পাবলৈ হ’লে এনে ৰোগীয়ে ইয়াক গ্ৰহণৰ পিছত ৰক্তত ছুগাৰৰ পৰিমাণ বৃদ্ধি পাইছে নেকি পৰীক্ষা কৰাই চোৱা যুগুত । যদি বৃদ্ধি পোৱা দেখা নাযায়, তেন্তে নি:সন্দেহে গ্ৰহণযোগ্য ৰুপে বিবেচিত হ’ব । এনে বিতৰ্কিত দিশৰ বাহিৰে কিন্তু ৰঙালাউক উপকাৰী পাচলি ৰুপে গ্ৰহণ কৰাত আমি মনোনিৱেশ কৰাত সমস্যা নাই বুলিয়েই বিশ্বাস হয় ।

লেখক :- অৰ্পণ দত্ত

Leave A Reply