Breaking

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ

0 2,052

নাগৰিকত্ব সংশোধনি আইন ২০১৯ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল হোৱা গোচৰ সমূহৰ ক্ষিপ্ৰতাৰে মীমাংসা কৰাৰ আহ্বানৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সাংবাদিক সন্হা চমুকৈ আজুৱে ৷ দেওবাৰে বিয়লি সাংবাদিক সংস্হাটোৰ তেজপুৰস্হিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ সভাপতি পংকজ নাথে৷সাংবাদিক সংস্হাটোৰ বিত্তীয় সম্পাদক মিন্টু হেমৰম,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিব্যজ্যোতি নাথ আৰু অপূৰ্ব বৰাৰ অংশগ্ৰহণৰে অনুষ্ঠিত সংবাদ মেলখনত নাথে কয় যে নাগৰিকত্ব সংশোধনি আইন ২০১৯ বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত বহু সংখ্যক গোচৰ দাখিল হৈছে আৰু পঞ্জীয়নভুক্ত অসমৰ এই গোচৰ সমূহ উচ্চতম ন্যায়ালয়ে আছুতীয়াকৈ ৰাখিছে৷কিন্তু আছুতীয়াকৈ থকা এইসমূহ গোছৰৰ শুনানি গ্ৰহণত পলম হোৱা বুলি মন্তব্য কৰি নাথে কয় যে এই বাবেই শুনানি শীঘ্ৰেই গ্ৰহণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাই শণিবাৰে পত্ৰ প্ৰেৰণ কৰিছে আজুৱে৷নাথে এই আইনখন ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ বাবে অতি বিপদজনক বুলি অভিহিত কৰি এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক ৰাজ্যৰ খিলঞ্জীয়া লোকৰ সকলোধৰণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায়৷তেওঁ লগতে কয় যে পত্ৰ প্ৰেৰণৰ এই সিদ্ধান্ত আজুৰ আজাৰাত অনুষ্ঠিত মধ্যকালীন অধিবেশনত লোৱা হৈছিল৷

Leave A Reply