এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…

ভাস্কৰ্য শিল্পী পদ্ম ফুকনে কাঠৰ নিৰ্জীৱ টুকুৰাক দা-কটাৰীৰে প্ৰাণ দি জীৱন্ত কৰি তোলে।শিল্প-ভাস্কর্যই একো একোটা যুগক প্রতিনিধিত্ব কৰি অহাৰ পাছতো ভাস্কৰ্য শিল্পী পদ্ম ফুকন কেনে আছে খবৰ লবলৈ আহৰি নাই যান্ত্ৰিকতাৰে জৰ্জৰিত স্থবিৰ হ’ব খোজা মানুহৰ ।লখিমপুৰ জিলাৰ বঢ়াৰ পো ঐতিহ্য ক্ষেত্ৰ বৰ-নাৰায়ণপুৰ মৌজাৰ মেৰমুখ অঞ্চলৰ জালুককটা গাঁওৰ(শান্তিপুৰ)নিবাসী প্ৰয়াত উমাকান্ত ফুকন আৰু পুষ্প ফুকন সুযোগ্য সন্তান ১৯৭৮ চনত জন্ম গ্ৰহণ কৰে। পদ্ম ফুকনে পিতৃৰ সৰু চাইকেল দোকান খনৰ পৰা আৰ্জিত ধনেৰে পৰিয়াল পোহপাল দি চৰম দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰা কৈশোৰ কালছোৱাতে এটুকুৰা কাঠত হাতত থকা কটাৰীৰে ৰুকি এটা চৰাই আকৃতি দিবলৈ সফল হয় ।প্ৰতিটো মনলৈ ধাৰণা কল্পনা ভাস্কৰ্যৰ ৰূপ দিবলৈ ফুকনে প্ৰযত্ন ত্রুটি
নকৰাকৈ সফল হৈছিল। একেদৰে প্রশংসিত আৰু অনুপ্ৰাণিত হৈছিল আত্মীয় স্বজন অনুৰাগীৰ পৰা।এদিন ওচৰৰ এগৰাকী লোকে নিৰ্মান কৰা বিছনাৰ বাবে ফুকনে কাঠত কাটি দিব লগা হৈছিল এটা ম’ৰা চৰাই।

সেই দিনৰ পৰা জনবহুল প্ৰচাৰ আৰু সমাদৃত হ’ল।পৰৱৰ্তী সময়ত আৰম্ভ কৰিলে ঈশ্বৰক সেৱা জনাই পিতৃ-মাতৃ ভক্তিৰে বুকুত মনোবল লৈ আৰম্ভ কৰিলে অনন্ত কুশল যাত্ৰা।এনেকৈয়ে অলেখ ভাস্কৰ্য সৃষ্টি কৰিছে নিৰ্জীৱ কাঠত।বিভিন্ন নামঘৰৰ বাবে সিংহাসন,হনুমান,মানুহ,হাতী পদুম,গঁড়,বগলী,সি‌ংহ,কাছ পহু ,ড্ৰেগন সাপ, ভাটৌ,লক্ষী,সৰস্বতী ,হনুমান,গৰুড়পক্ষী ফুল,পক্ষী,জন্তু,সৌন্দৰ্যশালী আচবাব হুবহু মানুহৰ কাঠত আলোকচিত্ৰ আঁকি জনদৰদী চহা ভাস্কৰ্যশিল্পীৰ সৃষ্টি ৰাজীয়ে জনমানসত চিৰ যুগমীয়া ঢৌ তুলি প্ৰজন্মলৈ ৰাখি থৈ গৈছে জীৱন বুৰঞ্জী।তেওঁ সদৰী কৰা মতে,তেওঁ আছে মনত বহুত পৰিকল্পনা, আৰ্থিক দৈন্যতাৰ বাবে সেই থল সমূহ পূৰ্ণপ্ৰাপ্ত কৰি তুলিব পৰা নাই ।এই কৰ্মঠ ভাস্কৰ্য শিল্পীজনে এনে ধৰণৰ কৰ্মৰাজিৰ যোগেদি চলাইছিল পোহপাল দিছিল পৰিয়াল কিন্তু কাঠৰ বস্তুৰ পৰিৱৰ্তে প্লাষ্টিক আৰু লোহাৰ অত্যাধিক ব্যৱহাৰ হোৱাত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত ব্যৱহৃত সামগ্ৰীৰ অধিক দাম হোৱাত,চৰকাৰী সাহাৰ্য পৰা বঞ্চিত হোৱাত এনে ধৰণৰ শিল্প কৰ্ম কেৱল অতীত ৰোমন্থন আৰু মনৰ প্ৰশান্তিৰ বাবে কৰি থকা হৈছে।

পৰিয়াল চলাবলৈ খেতি পথাৰ বাবে বাৰিষা বান ,অসুখীয়া দেহা লৈ অপাৰগ হোৱাৰ বাবেই দিন হাজিৰা কৰি পৰিয়াল চলোৱাৰ লগতে ৰুগীয়া মাতৃক চোৱাচিতা,পত্নীৰ জটিল আস্ত্ৰোপ্ৰচাৰ আৰু ল’ৰা ছোৱালীক কলেজত পঢ়োৱাব লগা হৈছে ভাস্কৰ্য শিল্পী পদ্ম ফুকনে।তেওঁ আক্ষেপেৰে কয়-“নিজে নিৰ্জীৱ কাঠক প্ৰাণ ঢালি ঢালি অমৰ সৃষ্টি কৰি এতিয়া নিজে একোটা লঘোনীয়া জীৱন্ত প্রতিমূর্তিত পৰিণত হৈছো”।অন্যহাতে তেওঁ আছে অভিনয় প্ৰতিভা ৰাসত বলোৰাম,পুতনা,শংখচূড়,ভাওনাত শিৱ,হনুমান ,অসুৰ,মন্ত্ৰী আদি ভাও দি দৰ্শকক মুগ্ধ কৰি আহিছে।

ফুকনৰ আক্ষেপ থাকিলেও ভাস্কৰ্য নিৰ্মাণৰে যিমান দিনলৈকে পাৰে সংপৃক্ত হৈ থাকিব।ভাস্কৰ্য শিল্পী জনৰ অনুৰোধ চৰকাৰলৈ আহিবনে‌ ‘সুদিন আমালৈ’আশাবাদী জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে অসম গৌৰৱ অথবা চৰকাৰী শিল্পী স্বীকৃতি চৰকাৰে এদিন প্ৰদান কৰিব।নতুন প্ৰজন্ম শিল্প কৰ্মৰ পথৰ পাথেয় হ’বলৈ স্বদেশ প্ৰেমেৰে জয়ী হৈ উলাই আহিব।

Related Articles