Breaking

মহাৰাষ্ট্ৰত ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট, ৭ জনৰ মৃত্যু…

0 43

এক শোকাৱহ ঘটনা ঘটিছে মহাৰাষ্ট্ৰত। ৰাজ্য খনৰ থানে চহৰত এটা ৪০ মহলীয়া অট্টালিকাৰ পৰা লিফ্ট খহি পৰাৰ ফলত ৭ জন লোক নিহত হৈছে। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনাটো থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হৈছে। মৃতসকলক হৈছে মহেন্দ্ৰ চৌপাল (৩২), ৰূপেশ কুমাৰ দাস (২১), হাৰুণ শ্বেখ (৪৭), মিথিলেশ (৩৫), কৰিদাস (৩৮) আৰু সুনীল কুমাৰ দাস (২১) । মৃতসকলৰ ভিতৰত ছয়জনক চিনাক্ত কৰা হৈছে, কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ সময়ত এজনৰ পৰিচয় জনা হোৱা নাই। আৰক্ষীয়ে জনোৱা অনুসৰি লিফনটৰ তাঁৰ চিঙি গৈছিল গৈছিল আৰু লিফ্টটোৱে তলৰ বেচমেণ্টত আহি প্ৰচণ্ড জোৰেৰোে খুন্দা মাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত লিফ্টৰ ভিতৰত সাতজন লোক আছিল আৰু সাতজনৰেই মৃত্যু ঘটে। ঘটনাস্থলীত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় বুলিও জানিব পৰা গৈছে।


আৰক্ষীয়ে জনোৱা অনুসৰি, সেই সময়ত বহুমহলীয়া ভৱনটোৰ চালৰ ‘ৱাটাৰপ্ৰুফিং’ৰ কাম চলি আছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দুখ প্ৰকাশ কৰি ফাডনাভিছে লিখিছে, “থানেৰ এই দুৰ্ঘটনা অতি ভয়ংকৰ। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ” দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাটোৰ এক তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply