Breaking

পাতল প্লাষ্টিকৰ বেগ নিষিদ্ধ! একক ব্যৱহাৰৰ প্লাষ্টিকৰ ওপৰত কঠোৰ ব্যৱস্থা চৰকাৰৰ…

0 81

এই দেশত পাতল প্লাষ্টিকৰ বেগ নিষিদ্ধ, একক ব্যৱহাৰৰ প্লাষ্টিকৰ ওপৰত চৰকাৰৰ কঠোৰ ব্যৱস্থা! ‘আমি যিকোনো একক ব্যৱহাৰৰ পেকেজিং হ্ৰাস কৰিব বিচাৰো,’ এই মন্তব্য পৰিৱেশ মন্ত্ৰী ৰেচেল ব্ৰুকিঙৰ। নিউজিলেণ্ডৰ চুপাৰ মাৰ্কেটত প্লাষ্টিক বেগ নিষিদ্ধ। এই নিষেধাজ্ঞাৰ অধীনত ফল-মূল ৰখাৰ বাবে ব্যৱহাৰ কৰা পাতল বেগও অন্তৰ্ভুক্ত কৰা হৈছে। শনিবাৰৰ পৰা বলবৎ হোৱা এই পদক্ষেপে একক ব্যৱহাৰৰ প্লাষ্টিকৰ বিৰুদ্ধে চৰকাৰে চলোৱা ব্যাপক অভিযানে ফলপ্ৰসূ হৈছে। ২০১৯ চনত নিউজিলেণ্ডত ঘৰলৈ লৈ যোৱা প্লাষ্টিকৰ বেগ আদিৰ ওপৰত প্ৰাথমিক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তেতিয়াৰ পৰাই নিউজিলেণ্ডৰ বেছিভাগ বজাৰ কৰা লোকে দোকানলৈ যোৱাৰ সময়ত নিজৰ বেগ লৈ গৈছিল। সহযোগী পৰিৱেশ মন্ত্ৰী ৰেচেল ব্ৰুকিঙে কয় ‘নিউজিলেণ্ডে অত্যধিক আৱৰ্জনা, অত্যধিক প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে,’। লগতে কয় যে ২০১৯ চনত প্ৰৱৰ্তন কৰা ডাঠ বেগ ব্যৱহাৰে ইতিমধ্যে এক বিলিয়নতকৈও অধিক প্লাষ্টিকৰ বেগ প্ৰচলন বন্ধ কৰি দিছে I এই পৰিৱৰ্তনে দেশত প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগাইছে। এই নিষেধাজ্ঞা ফলত বছৰি প্ৰায় ১৫ কোটি প্লাষ্টিকৰ বেগ ব্যৱহাৰ ৰোধ কৰা হ’ব বুলি অনুমান কৰিছে নিউজিলেণ্ড চৰকাৰে।

অৱশ্যে কিছুমান সমালোচকে কৈছে যে গ্ৰাহকে ডিচপ’জেবল কাগজৰ বেগৰ আশ্ৰয় ল’ব পাৰে, যিবোৰ এতিয়াও চুপাৰ মাৰ্কেটত উপলব্ধ। সমগ্ৰ দেশতে ১৮৫টাতকৈও অধিক ষ্ট’ৰ পৰিচালনা কৰা অগ্ৰণী চুপাৰ মাৰ্কেট চেইন কাউণ্টডাউনে বজাৰ কৰা লোকসকলৰ বাবে ফল-মূল আৰু শাক-পাচলি ভৰাবৰ বাবে পুনৰ ব্যৱহাৰযোগ্য পলিয়েষ্টাৰ মেছ বেগ প্ৰৱৰ্তন কৰি এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে।

Leave A Reply