Breaking

অসমৰ তিনিচুকীয়াত বজ্ৰপাতত নিহত মাতৃ-কন্যা

0 114

ৰাজ্যত হোৱা প্ৰবল বৰষুণ আৰু তীব্ৰ ধুমুহাৰ মাজতে শনিবাৰে অসমৰ তিনিচুকীয়া জিলাত বজ্ৰপাতৰ ফলত এগৰাকী মাতৃ আৰু কন্যাৰ মৃত্যু হয়।

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনিহুটি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

নিহত দয়োগৰাকীৰ নাম ক্ৰমে- মামন পাংগে আৰু জনমতি পাংগে।

স্থানীয় ৰাইজে ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও আৱাসী চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে৷

Leave A Reply