Breaking

নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা লোহিত এক্সপ্ৰেছৰ ডবাৰ পৰা সুৰা জব্দ

0 2,021

 বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত 20 তাৰিখে বিয়লি গুৱাহাটী – জম্মু অভিমুখী নামনিমুৱা লোহিত এক্সপ্ৰেছত ৰে’লৱে সুৰক্ষা বাহিনীয়ে তালাচী অভিযান চলাই অবৈধ সুৰা জব্দ কৰে ৷ জানিব পৰা মতে নিউ বঙাইগাঁও জংচনৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গোপন সূত্ৰৰ পমখেদি নামনিমুৱা ০৫৬৫১ নং লোহিত এক্সপ্ৰেছ ৰে’লখন আহি জংচনত ৰখোৱাৰ পিছতে ৰে’লখনৰ ডবাত চলোৱা তালাচীৰ সময়ত ডবা এটাৰ চিটিৰ তলত এখন গৰাকীবিহীন বেগ উদ্ধাৰ কৰে ৷ পিছত বেগখন খুলি চোৱাত বেগৰ ভিতৰত সুৰাৰ বটল প্ৰত্যক্ষ কৰে আৰু জব্দ কৰে ৷ বেগখনত মুঠ ৫৫ বটল সুৰা আছিল ৷

Leave A Reply