Breaking

এতিয়াৰ পৰা ঘৰতে পাব সুৰা : সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি চৰকাৰৰ।

0 2,057

এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবচাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰী যোগে পোৱা যাব দেশী-বিদেশী সুৰা ।দিল্লী চৰকাৰে ১জুনৰ পৰা মদৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে । দিল্লী চৰকাৰে আবকাৰী আইনৰ সংশোধনী ঘটাই এখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদ্ধতি কাৰ্যকৰী কৰিছে ।জাননী খনত উল্লেখ কৰা মতে দিল্লী আবকাৰী (সংশোধনী) নিয়ম ২০২১ৰ অধীনত জুনৰ ১ তাৰিখৰ পৰা L-13 অনুজ্ঞাপত্ৰ থকা সুৰা বিক্রেতা সকলক মোবাইল এপ বা ৱেবচাইটৰ যোগেদি সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে । অৱশ্যে হোষ্টেল, কাৰ্যালয় আৰু প্ৰতিষ্ঠান সমূহত এই সুবিধা উপলব্ধ নহ’ব ।

Leave A Reply