Breaking

ছাত্র-ছাত্রীসকলক মানসিক চাপ নিদিব তেওঁলোকৰ মনৰ কথাওঁ শুনক

0 1,220

চন্দন কুমাৰ নাথ

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) এ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বর্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিব বুলি কৰা ঘোষণাই সাধাৰণতে ছাত্র-ছাত্রীসকলৰ মনত এক শৈক্ষিক হেঁচা প্রয়োগ কৰাৰ দৰে হৈছে। কিয়নো বর্তমান গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো ক’ভিডৰ ভয়াৱহ সংক্রমণ আৰম্ভ হোৱাটো পৰিলক্ষিত হৈছে। এনে এক জটিল পৰিস্থিতিত যদি পৰীক্ষা অনুষ্ঠিত হয় তাৰ ফলত আমাৰ ছাত্র-ছাত্রীসকলে এক ভয়াবহ বিপদৰ সম্মুখীন হোৱাটো নিশ্চিত। ইউ জি চি এ ইতিমধ্যে জনোৱা মতে পৰীক্ষা অনুষ্ঠিত কৰিলেই তেওঁলোকে শ্রেণীকোঠাসমুহ  চেনিটাইজ কৰিব আৰু ইয়াৰ লগত জড়িত অন্যান্য কার্য পন্থা অৱলম্বন কৰি চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। কিন্তু যি সময়ত ক’ভিড-১৯ ৰ গণ সংক্রমণ আৰম্ভ হৈছে তেনে এক কঠিন তথা ভয়াৱহ পৰিস্থিতিত আমাৰ ছাত্র-ছাত্রীসকলক কোনো অভিভাৱকে হয়তো ঘৰৰ পৰা বাহিৰলৈ যাব নিদিব। এতিয়া পৰীক্ষার্থীসকলে এক বিভ্রান্তিৰ তথা মানসিক চাপৰ সম্মুখীন হোৱাটো পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ইউ জি চি এ স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এটা কথা বর্তমানো ভাৰতৰ প্রায় বহু সংখ্যক অঞ্চলত ইন্টাৰনেট সেৱা ইমান ভাল নহয় আৰু লগতে যিহেতু অনলাইন পৰীক্ষা কিছুমান ভিতৰুৱা অঞ্চলৰ ছাত্র-ছাত্রীৰ বাবে নতুন মাধ্যম হ’ব ইয়াৰ ফলত নানান সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইতিমধ্যে প্রাপ্ত খৱৰ অনুসৰি দেশৰ ৬৪০ খন বিশ্ববিদ্যলয়ৰ বেছি সংখ্যকেই পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে, ইয়াৰ বিপৰীতে ১৭৭ খন বিশ্ববিদ্যলয়ে এই সন্দর্ভত এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত ল’ব পৰা নাই। এই কঠিন পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা মানে ছাত্র-ছাত্রীসকলৰ জীৱনক ক’ৰণাৰ বিপদৰ মুখত থেলি দিয়াৰ দৰেই হ’ব। পৰীক্ষা পিছত আকৌ দিব পৰা সুযোগ থাকে কিন্তু এই মূল্যবান জীৱন দুনাই পোৱা নাযায়। ছাত্র-ছাত্রীসকলক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীর্ণ  কৰি দিব লাগে আৰু যিসকল ছাত্র-ছাত্রীয়ে নিজৰ (%) শতাংশ কম বা সন্তুষ্টি প্রকাশ নকৰে তেওঁলোকক পিছত দেশৰ পৰিস্থিতি ভাল হ’লে বেটাৰমেন্ট দিব পৰাৰ ব্যবস্থা কৰি দিব লাগে। সেয়েহে ছাত্র-ছাত্রীসকলৰ জীৱনৰ লগত যেন কোনো ধৰণৰ খেলা নকৰে আৰু ছাত্র-ছাত্রীসকলক এই কঠিন পৰিস্থিতিত কোনো ধৰণৰ মানসিক হেঁচা প্রয়োগ নকৰে তাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে এবাৰ ভাবি চোৱাৰ দৰকাৰ। 

Leave A Reply