Breaking

দুৰাৰোগ্য ৰোগত আক্ৰান্ত ছিপাঝাৰৰ হাতীমূৰীয়া গাঁৱৰ কণমানি : আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন

0 2,021

পখিলা খেদা বয়সতে ছিপাঝাৰৰ এগৰাকী কণমানি শিশু জটিল ৰোগত আক্ৰান্ত হৈছে । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ অতুল নাথ আৰু মৃদুলা ৰাজবংশীৰ একমাত্ৰ কন্যা সন্তান কৃষ্টিপ্ৰিয়া নাথ  ।  পৰিয়ালটোয়ে দুচকুত অযুত সপোন লৈ সোণালী জীৱনৰ বাটত খোজ দিছিল  কৃষ্টিপ্ৰিয়াক লৈ । কিন্তু পৰিতাপৰ বিষয় ৰাজহাড় আৰু স্নায়ুৰ জটিল সমস্যাৰ বাবে চাৰি বছৰ ধৰি বিচনাতে শুই থাকিব লগীয়া হৈছে কণমানি কৃষ্টিপ্ৰিয়া । এতিয়া এক গভীৰ অনিশ্চয়তাৰ মাজেৰে যুঁজ দি আগবাঢ়িব লগীয়া হৈছে কনমাণিজনীৰ পৰিয়ালটো  । ইপিনে একমাত্ৰ কন্যাৰ এনে ব্যয়বহুল ৰোগৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পিতৃ মাতৃৰ হাতত নাই পৰ্যাপ্ত ধন । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত  চিকিৎসা কৰি আছে যদিও  চিকিৎসকে জনোৱা মতে সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ হলে খৰচ কৰিব লাগিব কেইবালাখ টকা । এখন পান দোকানৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া পিতৃ অতুল নাথে এনে ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন বিচাৰি এতিয়া  দিক-বিদিক হেৰুৱাই পেলাইছে  । এনে পৰিস্থিতিত অসহায় পৰিয়ালটোৱে কন্যা সন্তান গৰাকীৰ চিকিৎসাৰ বাবে সহৃদয় ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য । একেদৰে সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰৰ  স্বাস্থ্য মন্ত্ৰী  কেশৱ মহন্তকো কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে  । ইফালে পৰিয়াটোৰ আৰ্থিক সাহাৰ্যৰ বাবে কৃষ্টিপ্ৰিয়াৰ মাতৃৰ নামত থকা একাউন্ট নং 3480395588  আই এফ চি  CBIN0283240 ত সহায়ৰ হাত আগবঢ়াবলৈ  সদাশয় ৰাইজক অনুৰোধ জনাইছে কৃষ্টিপ্ৰিয়াৰ পিতৃ মাতৃয়ে । 

Leave A Reply