Breaking

ধুবুৰী ফলিমাৰী কুন্তীৰ চৰত দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ

0 2,252

ধুবুৰী ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুন্তীৰ চৰত দীৰ্ঘ দিন ধৰি পাৰঘাটৰ জমৰ যাতনাত ভুগিব লগা হৈছে স্থানীয় ৰাইজ।
ধুবুৰীৰ পৰা মাত্ৰ চাৰিশ মিটাৰ দূৰত্বত কুন্তিৰ চৰ গাওঁ, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এই খন গাওঁৰ মানুহে এনেদৰে যাতায়ত কৰিব লগা হৈছে। খৰালীৰ সময়ত এই খন বাঁহৰ দলংৰে প্ৰায় চাৰিটা গাঁওৰ মানুহে অহা যোৱা কৰে আৰু বাৰিষাৰ সময়ত বহুতো দুখ কষ্টৰে টুলুংঙা নাওঁৰে পৰ হ’ব লগা হয় আৰু পূৰ্বতে বহুতো দূৰ্ঘটনা। সংগঠিত হৈছিল। কিন্তু নিৰ্বাচন অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী মহাৰথী সকলে এই খন দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনী শেষ হোৱাৰ লগে লগে সকলো প্ৰতিশ্ৰুতি পাহৰি যায়। ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক নজৰুল হকে কেইবা বাৰো এই খন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি লৈকে দলং নিৰ্মাণ নহ’ল। সেয়ে স্থানীয় ৰাইজে অসম চৰকাৰক এই খন দলং নিৰ্মাণ কৰি দিয়াৰ বাবে বিনম্র অনুৰোধ জনায়।

Leave A Reply