Breaking

কাণত ধৰি মহিলাই লৈ গ’ল যুৱতীক ! হঠাতে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি…

0 161

দেৰগাঁৱৰ ৰজাবাহৰ গাঁৱত বিয়লিৰ ভাগত হঠাতে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ । বহুসংখ্যক মহিলা ওলায় আহি দেহ ব্যৱসায় চলোৱাৰ অভিযোগত এটা ঘৰ ঘেৰি লৈ সৃষ্টি কৰিলে এই পৰিস্থিতি।যুদ্ধং দেহী ৰূপত মহিলা সমিতি ।

মহিলাসকলৰ অভিযোগ ৰজাবাহৰ গাঁৱৰ লাডু বৰাৰ ঘৰত দীৰ্ঘদিনে চলি আহিছে দেহ ব্যৱসায়। অতীষ্ঠ স্থানীয় ৰাইজ। অৱশেষত সন্দেহজনক যুৱক-যুৱতী ঘৰটোত সোমাই থকা অৱস্থাত বেৰি ল’লে মহিলাই । চোঁচৰাই উলিয়াই আনিলে যুৱতীক। উত্তপ্ত হৈ পৰিল পৰিস্থিতি ।

অৱশেষত উপস্থিত হ’লহি আৰক্ষী । আৰক্ষী লৈ গ’ল যুৱতীসহ দেহ ব্যৱসায় চলায় অহাৰ অভিযোগ উঠি থকা লাডু বৰাৰ পত্নীক। মহিলাসকলৰ অভিযোগ পূৰ্বতে আৰক্ষীয়ে আটক কৰিছিল যদিও তাৰ পাছতোএই ঘৰটোত চলিয়েই আহিছে এই ব্যৱসায় । বিনষ্ট হৈছে সামাজিক পৰিৱেশ ।

Leave A Reply