Breaking

চামধৰাত পহু উদ্ধাৰ কৰি আঘাত প্ৰাপ্ত পহুটোক বন বিভাগক চমজাই দিয়ে স্থানীয় ৰাইজে 

0 30

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত ধলাবিল চামধৰা পানী গাঁৱত কালি এটা প্ৰকাণ্ড পহু ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। জানিব পৰা মতে গাঁওখনৰ যুৱ প্ৰকৃতি প্ৰেমী বুবু শইকীয়া নামৰ যুৱক জনৰ ঘৰৰ পিছফালৰ বাৰিত পহুটোক প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক খৱৰ দিয়ে ।

পিছত প্ৰকৃতি প্ৰেমী যুৱকজন নিৰিহ জন্তুটোৰ প্ৰতি থকা দ্বায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত পহুটোক পুনৰ বঞ্চালত পঠোৱাৰ বাবে ৰাইজৰ লগত কৌশলৰে বহু চেষ্টাৰ পিছত পহুটোক আটক কৰে।

প্ৰ্কৃতি প্ৰেমী যুৱকজনৰ লগত স্থানীয় ৰাইজে এই সন্দৰ্ভত ডিপলোঙা আঞ্চলিক বন বিষয়াক খৱৰ দিয়াত বন বিভাগৰ লোক আহি আঘাত প্ৰাপ্ত  প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ পহুটোক উদ্ধাৰ কৰি প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে। পহুটো সুস্থ হোৱাৰ পিছত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে বুলি বন বিভাগৰলোকে জানিব দিয়ে।

Leave A Reply