Breaking

মায়ঙৰ গৰৈমাৰীৰ গড়কাপ্টানী পথছোৱা পুনৰ নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে

0 1,055

মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ মায়ং ৰাজহ চক্ৰৰ গাগলমাৰী আশীগড় গাঁও পঞ্চায়তৰ অধীনস্থ গৰৈমাৰীৰ ডাউৰী মণ্ডলৰ ঘৰৰ পৰা বৰপথাৰলৈ যংযোগী পথছোৱাৰ প্ৰায় ২-৩ কিলোমিটাৰ অতি সম্প্ৰতি এনে ৰূপ ধাৰণ কৰিছে যে যান-বাহনটো দূৰৰে কথা পথচোৱাৰে খুজকাঢ়ি যোৱাটোওঁ হৈ পৰিছে বিপজ্জনক।পথচোৱাৰ মাজত সৃষ্টি হৈছে একো একোটা পুখুৰী সদৃশ্য প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।উল্লেখযোগ্য যে স্থায়ী ৰাইজে উপায়হীন হৈ পুনিৰ্মাণ কৰিলে পথছোৱাৰ প্ৰায় ১ কিলোমিটা।পথচোৱাৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰ তেনেই পৰি ৰোৱাত সম্প্ৰতি পথচোৱাৰে যাতায়ত অব্যাহত ৰখাত বিঘ্নিত হৈ পৰিছে।পথচাৰী তথা পথ সংলগ্ন স্থায়ী একাংশ লোকে সাংবাদিকৰ লগত হোৱা কথা বতৰাত এই পথচোৱাৰে বৃহত্তৰ অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী , শিক্ষকৰ লগতে বিভিন্ন চিকিৎসালয় স্বাস্থ্য কৰ্মী আদি অন্যান্য পথচাৰী সকলে বিপদাপন্নভাৱে যাতায়ত কৰিব লগা হয়।আনহাতে পথচোৱাৰে জৰুৰীকালীন সেৱা – এম্বুলেন্স আদি যান বাহন অহা যোৱা কল্পনাৰ বাহিৰত বুলি স্থায়ী ৰাইজে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।
স্থায়ী ৰাইজ তথা পথচাৰীয়ে যতা-সম্ভৱ অতি শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰিবলৈ স্থায়ী পঞ্চায়ত তথা বিভাগীয় গড়কাপ্টানী বিভাগক দাবী জনাই।

ইফালে পথচোৱাৰ নিচেই কাষত অবস্থিত ভালে কেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষকক সকলে চিন্তিত হৈ পৰিছে , কাৰণ সমাগত গুনোৎসৱ পৰীক্ষা । নেৰা-নেপেৰা বৰুষুণ দিয়াত পথচোৱাৰ এনে অৱস্থা বুলি জানিব দিয়ে।

Leave A Reply