Breaking

লকডাউন ৪.০ শেষৰ দিনা প্রধানমন্ত্রীৰ ‘মন কি বাত’ : নতুন শত্ৰুৰ মুখামুখি হৈছে দেশ ।

0 49

অনলাইন বাৰ্তা,

লকডাউন ৪.০ শেষৰ দিনা প্রধানমন্ত্রীৰ ‘মন কি বাত’ত ক’ৰোনা যোদ্ধাক প্ৰশংসা কৰাৰ লগতে এই ভাইৰাছৰ চিকিৎসাত আয়ুৰ্বেদৰ ভূমিকা, প্ৰৱজিত শ্ৰমিকৰ দুৰ্দশাৰ পৰা আৰম্ভ কৰি আমফামৰ তাণ্ডৱ আদি প্ৰকাশ পায় প্ৰধানমন্ত্ৰীৰ মনৰ কথাত৷ প্ৰধানমন্ত্ৰীয়ে আশংকা প্ৰকাশ কৰে দেশৰ নতুন প্ৰত্যাহ্বানক লৈ৷ পতংগই ক্ষতি কৰাক লৈ দেশবাসীক সতৰ্ক কৰে প্ৰধানমন্ত্ৰীয়ে৷ সেই হানীকাৰক পতংগক লৈ কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা হৈছে সেই সম্পৰ্কত একো নক’লে প্ৰধানমন্ত্ৰী মোডীয়ে৷ আজি মনৰ কথাত অৱশ্যে পশ্চিম বংগ আৰু ওড়িশ্যাক তেওঁ প্ৰশংসা কৰে৷ দুয়োখন ৰাজ্য যিদৰে আমফামৰ তাণ্ডৱ মোকাবিলা কৰিছে তাক নিঃসন্দেহে সাহসিকতাৰ পৰিচয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে তিনি মাহ ধৰি দেশত ক’ৰোনাৰ সংক্ৰমণ চলি আছে৷ লকডাউন দি সংক্ৰমণৰ গতি কমোৱাৰ চেষ্টা কৰিছে কেন্দ্ৰ আৰু ৰাজ্যই৷ ইয়াত সফলতা পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ ক’ৰোনাৰ বাবে ব্যাপক ক্ষতি হৈছে৷ নতুন শত্ৰুৰ মুখামুখি হৈছে দেশ৷ মানুহক ভাতে মৰাত পাকিস্তান উপস্থিত হৈছে জাক জাক পতংগৰে৷ মধ্য আৰু উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ কৃষক আৰু কৃষি বিষয়াসকল কাৰ্যত এই পতংগবোৰক লৈ ব্যস্ত হ’ব লগা হৈছে৷ ইতিমধ্যে বিপুল পৰিমাণৰ ফচল ক্ষতি কৰিছে পতংগই৷ এই পতংগ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক চিন্তাত ৰাখিছে বুলি স্পষ্ট হৈ পৰে৷ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণত প্ৰকাশ পায় এই আতংকৰ কথা৷ মানুহৰ দুৰ্দশাৰ কথা৷ কিন্তু এই শত্ৰু মোকাবিলা হ’ব কোন পথত, কেন্দ্ৰই কি কি ব্যৱস্থা লৈছে সেই সম্পৰ্কে এটাও শব্দ নকৰিলে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, ভাৰতৰ বিভিন্ন এলেকাত পতংগই ক্ষতি কৰিছে৷ ইয়াৰ লগতে তেওঁ কয়, নতুন নতুন আবিষ্কাৰৰ মাজেৰে আমি আমাৰ লোকচান পুৰাব লাগিব৷ পতংগক লৈ প্ৰশাসনৰ সলনি গাঁওবাসীক সতৰ্ক হ’বলৈ বাৰ্তা দিলে প্ৰধানমন্ত্ৰীয়ে৷ যেতিয়ালৈকে পতংগই হানী কৰি থাকিব তেতিয়ালৈকে গাঁওবাসী সতৰ্ক থাকিব লাগিব বুলি তেওঁ কয়৷ আজি অৱশ্যে পশ্চিম বংগ আৰু ওড়িশ্যা চৰকাৰ আৰু জনগণৰ প্ৰশংসাত পঞ্চমুখ আছিল নৰেন্দ্ৰ মোডী৷ তেওঁ কয়, আমফামত ছাৰখাৰ হৈছে পশ্চিম বংগ আৰু ওড়িশ্যা৷ ব্যাপক ক্ষতিৰ৷মুখত পৰিছে দুয়োখন ৰাজ্যৰ কৃষক৷ মই পাছত দুয়োখন ৰাজ্য পৰিদৰ্শন কৰিছিলো৷ তাত মানুহে যিদৰে পৰিস্থিতিৰ মোকাবিলা কৰিছে তাত নিঃসন্দেহে সাহসিকতৰ পৰিচয়৷ আনহাতে ক’ৰোনা মোকাবিলাত দেশবাসীক যোগ আৰু প্ৰাণায়াম কৰিবলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰাণায়ম হ’ল মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষাৰ মোক্ষম অস্ত্ৰ৷ এই উপায় দিলে প্ৰধানমন্ত্ৰীয়ে৷ লকডাউনৰ চতুর্থ পৰ্যায়ৰ মন কি বাত অনুষ্ঠানত দেশবাসীক শৰীৰ চৰ্চাত উৎসাহিত কৰি প্ৰতিযোগিতাত অংশ ল’বৰ বাবে আহ্বান জনায়৷ আজি মন কি বাত অনুষ্ঠানত সেই পৰামর্শ দি মোডীয়ে কয়, শৰীৰেই হ’ল মন্দিৰ৷ সেই মন্দিৰৰ গুৰুত্ব দিয়া প্রয়োজন৷ ইয়াৰ লগতে প্রাণায়াম আৰু যোগ কৰাৰ বিষয়ে গুৰুত্ব দি সেই দিশত দৃষ্টি আকৰ্ষণ কৰিবলৈ চালে প্ৰধানমন্ত্ৰীয়ে৷ তদুপৰি পৰামৰ্শ দিয়ে ক্ষান্ত নহ’ল প্ৰধানমন্ত্ৰী মোডী৷ দেশবাসীক উজ্জীৱিত কৰোতে তিনি মিনিটৰ ভিডিঅ’ বাণীৰে আয়ুর্বেদ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ লকডাউনৰ পঞ্চম পৰ্যায় আৰম্ভ হোৱাৰ আগেয়ে মাৰাত্মক ভাইৰাছ ৰোধত অধিক সতৰ্ক হোৱাৰ পৰামৰ্শ দিয়ে মোডীয়ে৷ সামাজিক বিধি ভুল নাযাবলৈ কয়৷ লকডাউনৰ সময়ত হাজাৰ হাজাৰ প্ৰৱজিত শ্ৰমিকে ঘৰলৈ ঘুৰি যোৱা, দুৰ্ঘটনাত পৰা আদিৰ বিষয়ে বিৰোধীয়ে প্ৰশ্ন কৰি আছিল৷ প্ৰধানমন্ত্ৰীয়ে জনায় যে তেওঁৰ চৰকাৰে এই শ্ৰমিকসকলৰ বাবে ভাবিছে৷ আজি মন কি বাত অনুষ্ঠানত বিভিন্ন ৰাজ্যত কাম কৰা শ্ৰমিকৰ বাবে একাধিক পদক্ষেপৰ কথা জনায় মোডীয়ে৷ ক’ৰোনা মোকাবিলাত যিদৰে সমগ্ৰ দেশ একত্ৰিত হৈছে তাক লৈ মোডীয়ে প্ৰশংসা কৰে৷ আর্থিক সাহায্যৰ পৰা দৰিদ্ৰৰ বাবে খাদ্য সামগ্ৰী দিয়া, মাস্ক তৈয়াৰ কৰা আদি সকলো ক্ষেত্ৰতে উদ্যোগী দেশবাসী৷ যাৰ কাৰণে ভাৰতীয় নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে মোডীয়ে৷ প্ৰৱজিত শ্ৰমিকৰ বাবে দুঃখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, পেটৰ দয়াত বিভিন্ন ৰাজ্যত কাম কৰিবলৈ যোৱা শ্ৰমিকে যি কষ্টৰ মাজেৰে দিন কটাইছে সেয়া কোনে নাজানে৷ এনে কোনো নাই যি তেওঁলোকৰ কষ্ট অনুভৱ কৰিব পৰা নাই৷ তেওঁলোকৰ দুঃখ দূৰ কৰাত চৰকাৰ উদ্যোগী৷ তেওঁলোকে নিজৰ ঠাইতে কামৰ সুযোগ পায় সেই ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়৷

Leave A Reply