Breaking

লকডাউনৰ গইনা লৈ বন্ধ হ’ল ১২খনকৈ স্থানীয় ৰেলৰ চলাচল। নিৰ্লিপ্ত সাংসদ বিধায়ক

0 2,073

বিগত দুটা বছৰে দেশবাসীয়ে ক’ৰণা মহামাৰীৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে জুৰুলা হৈ পৰিছে।এই পৰিস্থিতিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগে সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বাধিক ১২ খনকৈ স্থানীয় ৰেলৰ চলাচল বন্ধ কৰি ৰাখিছিল।যিহেতু বৰ্তমান সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰণাক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে অদ্যাপী কিন্তু ৰেল বিভাগে এই স্থানীয় ৰেলসমূহ চলাচল কৰোৱাৰ কোনো ব্যৱস্থাই হাতত লোৱা নাই।বৰঞ্চ অতি কৌশলগত ভাৱে কেইখনমান স্থানীয় ৰেলৰ ষ্টপেজ কমাই দি ইয়াক এক্সপ্ৰেছ ট্ৰেইনলৈ ৰূপান্তৰ কৰা হৈছে।যাৰফলত সাধাৰণ যাত্ৰীসকলে প্ৰায় তিনিগুণ ভাড়া ভৰিবলগীয়া হৈছে। এইক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত অসম ৰেল যাত্ৰীসন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই অতি আক্ষেপেৰে জনাই যে ট্ৰেইনৰ সংখ্যা বঢ়া বা কমালৈ অসমৰ সাংসদ বিধায়কৰ আহৰি নাই।ৰাইজৰ বাবে ভাল দিন বা উন্নত জীৱন যাপনৰ সপোন দেখুৱাই সাংসদ বিধায়কৰ পদ লবলৈ গৈ, যদি মালিগাৱৰ NFR HQ লৈ আহি সমস্যাৰ সমাধান নিবিচাৰে তেন্তে তেখেতসকলক সচা অৰ্থত  ৰাইজৰ প্ৰতিনিধি বুলি মানি লব পাৰিনে? শাসক বিৰোধী কোনোৱেই ৰেল ব্যৱস্থাক লৈ সচেতন নহয়।

কিন্তু সামগ্ৰিকভাৱে স্থানীয় ট্ৰেইন মানেই একপ্ৰকাৰ থলুৱা মানুহৰ কৰ্মসংস্থাপন তাকেলৈ সোচ্চাৰ হোৱা দেখা নগ’ল জাতীয়তাবাদী সংগঠন সমূহক।অনা অসমীয়াৰ হাতত থকা বহু কাম থলুৱা মানুহে সহজে কৰি পৰিয়াল পুহিব পাৰিলেহেঁতেন যদিহে নিত্য ব্যৱহাৰত লোকেল ট্ৰেইন পালেহেঁতেন।ট্ৰেইনসমূহ বাতিল কৰি অসমৰ জনগণক ষ্টপেজ উঠাই দি চলি থকা ট্ৰেইন খনত উঠাৰ মুদা মাৰি থলুৱা লোকসকলক ভাতেমৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে।চৌতাৰাৰ ফুলৰ বাগানৰ পৰা ফুল কঢ়িয়াবলৈ চিফুঙ যাত্ৰীবাহী ৰেলখনক এক্সপ্ৰেছ কৰি ষ্টপেজ উঠাই দিয়া হ’ল। পৰিশ্ৰমৰ ফচল বেচিব কেনেকৈ? মানুহক উপাৰ্জনৰ পথ দিয়া ট্ৰেইন সন্দৰ্ভত এনে বহু সমস্যাক লৈ ৰাজ্য চৰকাৰৰ লগতে সাংসদ বিধায়কৰ নিৰ্লিপ্ত ভূমিকাই বাৰুকৈয়ে কুপ্ৰভাৱ পেলাইছে।পুৰণি ট্ৰেইনসমূহ ঘূৰাই দিয়ক।যথোচিত পদক্ষেপ লওঁক।দহৰ উপকাৰ হলে মনত বৰ আনন্দ আহে এই আহ্বান উত্তৰ পূব ৰেলযাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক গৰাকীৰ।

আনহাতে এইক্ষেত্ৰত কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতা হেমন্ত দাসেও অনতি পলমে এই স্থানীয় ৰেলসমূহ চলাচল কৰোৱাৰ দাবী জনাই।সামাজিক সংগঠন গৰীৱ নন্দন জনকল্যাণ সমিতিয়ে ইতিমধ্যে ৰেল বিভাগলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি চিপিআইএম,জাতীয় পৰিষদৰ নেতৃবৃন্দইও স্থানীয় ৰেলসমূহ চলাচলৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply