Breaking

সুদীৰ্ঘ ১৩ বছৰৰ মূৰত দিল্লীত সৰ্বাধিক বৰষুণ

0 1,066

এনেই হাড় কঁপোৱা জাৰ, তাতেই শণিবাৰে প্ৰচণ্ড বৃষ্টিপাত। দিল্লীত কালি পুৱাৰে পৰা হোৱা মুষলধাৰ বৃষ্টিপাত গোটেই নিশা অব্যাহত থকাৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চলত পানী জমা হৈছে।

যোৱা ১৩ বছৰৰ মূৰত জানুৱাৰী মাহত সৰ্বাধিক বৰষুণ লাভ কৰিছে চহৰখনে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেৱচাইটৰ পৰা লাভ কৰা তথ্যৰ আধাৰত এই কথা সদৰি হৈছে। এই বৰষুণৰ বাবে বায়ুৰ গুণগত মান আৰু অধিক বেয়া হৈছে। পাৰাস্তম্ভৰ মানো যথেষ্ট তললৈ গৈছে চহৰখনত।

Leave A Reply