সুখৰ সজ্ঞা বিচাৰি…

0 1,117

জ্যোতি গগৈ

সুখৰ সংজ্ঞা কি নাজানো…. অথবা কিমান পালেনো মানুহ সুখী হয় সেয়াও নাজানো। অনুভৱ কৰো, সুখ-দুখৰ সমষ্টিয়েই জীৱন। কেতিয়াবা যদি পোৱাৰ আনন্দত উল্লাসিত হৈছোঁ  কেতিয়াবা আকৌ হেৰুৱাৰ বেদনাত মৰ্মাহতো হৈছোঁ। জীৱন এনেকুৱাই…. পোৱা-নোপোৱা, ঘাট-প্ৰতিঘাট, হাঁহি-কান্দোনৰ মাজেৰে আগবাঢ়ি গৈ থাকে। এটা সুন্দৰ জীৱন অতিবাহিত  কৰিবৰ বাবে আমাক প্ৰকৃততে কি লাগে…. কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে  অন্ন, বস্ত্ৰ আৰু বাসস্থানেই নহয় জানো। কিন্তু এই সকলোবোৰ থকাৰ পিছতো আমাৰ হেঁপাহ পূৰ নহয়। মুঠৰ ওপৰত আমাক লাগে আৰু লাগে। ডাঙৰ অট্টালিকা লাগে, বিলাসী গাড়ী লাগে আৰু বিলাসী জীৱন লাগে… কাৰণ আমি সুখেৰে জীয়াই থাকিব বিচাৰোঁ… আমাক সুখ লাগে… বহুত সুখ। কিন্তু সুখ জানো বিচাৰিলেই পায়… প্ৰকৃততে সুখৰ সংজ্ঞানো কি? কবিৰ ভাষাৰে যদি ক’ব বিচাৰো-

 সুখ সুখ বুলি            মানুহ বলিয়া

নেদেখে সুখৰ মুখ;

সুখ বিচাৰোঁতে          পায় সংসাৰত

দুখৰ উপৰি দুখ।

সুখৰ সংজ্ঞা প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। কোনোবাজনে যদি  উৰুখা পঁজাতে স্বৰ্গীয় সুখ অনুভৱ কৰিছে কোনোবাজনে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও সেই সুখ অনুভৱ কৰিব পৰা নাই। আচলতে সুখী হ’বৰ বাবে ঐশ্বৰ্য ধন-সম্পত্তি বা বহুত টকা-পইচা নালাগে। হাজাৰ হাজাৰ টকা ব্যয় কৰিও মানুহে সুখ কিনিব নোৱাৰে।  সুখ থাকে আমাৰ মনৰ মাজত; ইয়াক আমি অনুভৱহে কৰিব পাৰোঁ। সুখ মানেই হ’ল এক মানসিক শান্তি। যি কামৰ মাজেৰে মানসিক শান্তি লাভ কৰা হয় তেনে কামৰ মাজেৰেই সুখবোৰ বৈ আহে স্বত্বঃস্ফুৰ্তভাৱে। সুখ আৰু দুখ কোনোটোৱেই আমাৰ জীৱনত স্থায়ী নহয় তথাপিও ভাৱ হয় দুখৰ দিনবোৰ যেন নাযায় নুপুৱায়। আমাৰ জীৱনত সুখ-দুখবোৰ আচলতে চক্ৰাকাৰে ঘূৰি থাকে, ঠিক ঋতুৰ দৰে। উচ্চাকাংক্ষা প্ৰত্যেক ব্যক্তিৰে থাকিব লাগে; কিন্তু অত্যাধিক উচ্চাকাংক্ষা বা প্ৰয়োজনতকৈ বেছি বিচাৰিলে সুখতকৈ দুখবোৰহে নামি আহে অজানিতে। কথাতে কয় – “আঠুৱা চাই ঠেং মেলা”। গতিকে শক্তি আৰু সাধ্য অনুযায়ী আমি এটা সীমাৰ ভিতৰত থকাই  ভাল বুলি অনুভৱ কৰোঁ। বহু ক্ষেত্ৰত মানুহ পৰিস্থিতিৰ দাস। সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা শক্তি আমাৰ হাতত নাথাকে। যেনে ধৰক- বাৰিষাৰ বৰষুণজাক,  গ্ৰীষ্মত অত্যাধিক সূৰ্যৰ তাপ, বৰ্তমানৰ কৰোণাৰ কাৰণে হোৱা ভয়ঙ্কৰ পৰিস্থিতি এইবিলাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো। এইবিলাকৰ পৰা আমি কেনেদৰে সুৰক্ষিত থাকিব পাৰিম সেয়াহে চিন্তা কৰিব পাৰোঁ। কিন্তু এনে পৰিস্থিতি কিয়  হৈছে; কিয় হ’ল বুলি দুখ কৰি বহি থাকিবওতো নোৱাৰোঁ। সুখৰ সংজ্ঞা বিচাৰোঁতে এটা কথাই উপলদ্ধি কৰিছোঁ যে ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে আমি সদায় সুখী হ’বলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা অতিকে আপোন বুলি ভৱা মানুহেও আমাক সাংঘাটিকভাৱে মানসিক আঘাত কৰিছে যাৰ বাবে আমি সেইসময়ত মনত বহুত দুখ পাইছোঁ, সেইবুলি আমি কিয় ক’লে বা কিয় ক’ব এনে ধৰণৰ কথা ভাবি দীৰ্ঘ দিনৰ বাবে দুখী হৈ থাকিম জানো? নিশ্চয় নাথাকো…। কাৰণ আমাৰ ব্যক্তিগত জীৱনৰ সুখৰ ছাৱিটো আনৰ হাতত এৰি দিব নোৱাৰোঁ। মনটো আমাৰ… গতিকে আনৰ মন্তব্যৰ চিকাৰ হৈ মনৰ মাজত দুখো চপাই ল’ব নিবিচাৰোঁ। সুখৰ বিষয়ে বিজ্ঞজনে মন্তব্য আগবঢ়াইছে এনেদৰে- মানুহে বৰ্তমানক লৈয়ে সুখী হ’ব লাগে। আধ্যাত্মিক পৰিবৰ্তন আৰু গভীৰ উপলব্ধিয়ে মানুহক স্থায়ী সুখৰ সন্ধান দিয়ে। তাৰ বাবে লাগে মাত্ৰ মনৰ স্থিৰতা। দুখী হ’বলৈ সহজ কিন্তু সুখী হ’বলৈ বৰ কঠিন। সুখী হ’বলৈ হাজাৰটা কাৰণ লাগে কিন্তু দুখী হ’বলৈ… এটা মাত্ৰ কাৰণেই যথেষ্ট। সাতোৰঙী ৰামধেনুৰ সৃষ্টি হ’বলৈ যিদৰে ৰ’দ আৰু বৰষুণ দুয়োটাই লাগে সেইদৰে জীৱনক সুন্দৰভাৱে অনুভৱ কৰিবলৈ সুখ আৰু দুখ দুয়োটাই লাগে। সুখ আৰু দুখৰ সংমিশ্ৰনেই জীৱন… দুখে বিচাৰি দিয়ে সুখৰ সংজ্ঞা….। সেয়ে হয়তো কবিয়ে কৈছে-  দুখৰ অৰণ্য নাথাকিলে ক’ত জিৰাবহি সুখৰ চৰাই…। শেষত এটা কথাই অনুভৱ কৰোঁ- মনৰ অপ্ৰয়োজনীয় চিন্তাবোৰ আঁতৰাই বৰ্তমান যি  আছে, যি পাইছোঁ তাতে সন্তুষ্ট হ’ব পাৰিলেই আমি সুখী হ’ব পাৰিম। সুখেৰে থাকক…. সুখী হওক আপোনোলোকো….।