Breaking

নাজিৰা পঞ্চায়তত লুণ্ঠনৰাজ : নাজিৰা ব্লক কংগ্ৰেছে সম্বোধন কৰিলে সংবাদ মেল : প্ৰতিজন দুৰ্নীতিকাৰীক নিৰপেক্ষ তদন্তৰে শাস্তিৰ দাবী

0 2,053

যোৱা ১১ জুলাইত নাজিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এটি পথ-প্ৰকল্পৰ কৰ্মৰত ঠিকাদাৰৰ পৰা কমিচন বিচৰাৰ ভি ডি অ’ ভাইৰেল হোৱাৰ লগতে বি জে পিৰ ৰাজ্যিক  যুৱ  মৰ্চাৰ সম্পাদক তথা বিগত সাধাৰণ নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী  ময়ুৰ বৰগোহাঁয়ে সেই ভি ডি অ’  সংবাদ মেলত প্ৰদৰ্শন কৰি লগতে নিপা বৰুৱা সহ দুৰ্নীতিত লিপ্ত সকলৰ গ্ৰেপ্তাৰৰ দাবী তোলে  । ইয়াৰ পাছতে ১২ জুলাইত মেকীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৈৰীক আন এটি পথ প্ৰকল্পৰপৰা কমিচন লোৱাৰ উদ্দেশ্য সংক্ৰান্তত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰাৰ ঘটনা সংঘটিত হয় । পঞ্চায়তৰ আৱণ্টিত ধনৰ পৰা কমিচন ৰাজ গঢি় উঠাৰ এই ঘটনাক্ৰমৰ মাজতে ১৩ জুলাইৰ বিয়লি নাজিৰাৰ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত নাজিৰা ব্লক কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু বি জে পি দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি ক্ৰমে নিপা বৰুৱা আৰু প্ৰতিভা ভূমিজ কৈৰীৰ নিৰপেক্ষ তদন্ত দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ বিধান কৰাৰ দাবী তোলে । কাৰ্য্যকৰী সভাপতি মৃদুল বৰগোহাঁই, সাধাৰণ সম্পাদক দিগন্ত সন্দিকৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সম্পাদক তথা নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আব্দৰ ৰহমানে যিকোনো দূৰ্নীতিগ্ৰস্তক কংগ্ৰেছ দলে ক্ষমা নকৰে বুলি উল্লেখ কৰি দলৰ নাজিৰা পঞ্চায়তৰ সভানেত্ৰী গৰাকী প্ৰসংগত দলৰ মজিয়াত অনুশাসনিক ব্যৱস্থাৰে বিচাৰ কৰিব বুলি কয় । আনহাতে বি জে পিৰ  ৰাজ্যিক  যুৱ মৰ্চাৰ সম্পাদক তথা যোৱা বিধান সভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী   ময়ুৰ বৰগোহাঁয়ে নাজিৰাৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মৌনতাৰে এনে দুৰ্নীতি চলি যাবলৈ দিয়া বুলি তোলা অভিযোগ খণ্ডন কৰি কয় যে ময়ুৰ বৰগোহাঁয়ে তোলা এই অভিযোগৰ ভিত্তি নাই । তেওঁ এই বক্তব্য উঠাই লোৱা উচিত বুলি কোৱাৰ লগতে এতিয়া “গোসাঁই ঘৰত কোন, মই কল খোৱা নাই”  প্ৰবচনৰ লগতহে তেওঁ নিমজ্জিত হৈছে । কংগ্ৰেছ বিষয়ববীয়া সকলে ময়ুৰ বৰগোহাঁয়ে কংগ্ৰেছ বিজয়ী কোন কেইখন পঞ্চায়তত দুৰ্নীতিৰ তথ্য হাতত থকা বুলি দাবী কৰিছে সেই কেউখনকে সংবাদ মাধ্যমৰ আগত জাহিৰ কৰিবলৈও আহ্বান জনায় । সংবাদ মেলত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক যোছেফ সিং , শৰৎ গগৈকে ধৰি ভালেকেইজন বিষয় – ববীয়া উপস্থিত থাকে । 

Leave A Reply