Breaking

চিকিৎসালয়ত চোৰে চলালে লুটপাট ….

0 80

বঙাইগাঁও : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ৰ গ্ৰীল আৰু ছিলিং ভাঙি চিকিৎসক-নাৰ্চৰ কোঠালিৰ পৰা চুৰি কৰি নিলে ১১ টা বৈদ্যুতিক ফেন । উল্লেখ্য যে চিকিৎসালয়ৰ চিকিৎসক-নাৰ্ছৰ থকাৰ বাবে চৰকাৰে ৰুমৰ ব্যবস্থা কৰি দিছে যদিও কোনোৱে ৰুমত নাথাকে।

কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে ছাফাই আভিযান।চিকিৎসক নুৰ আলমৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ স্হানীয় লোকৰ ।চিকিৎসক নুৰ আলমৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰে স্থানীয় লোকে।

সেয়ে স্বাস্থ্য মন্ত্ৰী তথা মূখ্যমন্ত্ৰীক চিকিৎসকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবী কৰাৰ লগতে চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ৰ পৰা বদলি কৰাৰ দাবী জনায়।

প্ৰেৰক – কোকিলাৰ পৰা জেহেৰুল ইছলাম

Leave A Reply