Breaking

প্ৰভু জগন্নাথো মোদীৰ একান্ত ভক্ত! জগন্নাথক লঘু কৰি অনুতপ্ত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ, থাকিব তিনিদিন উপবাসে…

0 17

ভগৱান জগন্নাথকলৈ মন্তব্য কৰি এতিয়া পাকত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী সম্বিত পাত্ৰ। মঙলবাৰে তেওঁ “জিভা পিছলি ” কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। তেনে ভুলৰ সংশোধনৰ বাবে তেওঁ তিনিদিনীয়া উপবাস পালন কৰিব বুলিও ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বতে টুইটাৰ)ৰ জৰিয়তে পাত্ৰই কয়, “জিভা পিছলি যোৱাৰ বাবে কৰা অনিচ্ছাকৃত মন্তব্যৰ বাবে অনুতাপ কৰিবলৈ মই তিনি দিনৰ বাবে উপবাস পালন কৰিম,”। পাত্ৰই লগতে কয়, “মহাপ্ৰভু শ্ৰী জগন্নাথ সন্দৰ্ভত কৰা মোৰ মন্তব্যৰ বাবে মই গভীৰভাৱে দুঃখিত। মই মহাপ্ৰভু শ্ৰী জগন্নাথৰ ভৰিত পৰি নমস্কাৰ জনাইছো আৰু ক্ষমা বিচাৰিছো,”। সোমবাৰে এটা স্থানীয় দূৰদৰ্শন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত পাত্ৰই কৈছিল যে ভগৱান জগন্নাথো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভক্ত। পাত্ৰৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। শাসনাধিষ্ঠিত বিজু জনতা দলে (বিজেডি) ইয়াক ভগৱান জগন্নাথৰ অপমান বুলি কৈছিল।

বিজেডিয়ে কয় “প্ৰভু হৈছে ওড়িয়া অস্মিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতীক। মহাপ্ৰভুক এজন মানুহৰ ভক্ত বুলি কোৱাটো গ্ৰহণযোগ্য নহয়। বিজেপিৰ পুৰী লোকসভাৰ প্ৰাৰ্থীয়ে দিয়া মন্তব্যক তীব্ৰ গৰিহণা দিছো, আৰু বিজেপিক প্ৰভুক সকলো ৰাজনৈতিক আলোচনাৰ উৰ্ধত ৰাখিবলৈ অনুৰোধ জনাইছো। বিজেপিয়ে ওড়িয়া অস্মিতাক গভীৰভাৱে আঘাত কৰিছে, আৰু ইয়াক ওড়িশাৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি মনত ৰাখিব তথা নিন্দা কৰিব,”।পাত্ৰৰ মন্তব্যক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গৰিহণা দিছে।

Leave A Reply