Breaking

পাপৰ বাবে নিৰ্বাচনত চতুৰ্থ বাৰৰ বাবে হাৰিব ! সপোনত ভূপেন বৰাক ককাকে অধম বুলি কৈছিল – পীয়ূষ হাজৰিকা

0 44

যদি ভূপেন বৰাই সচা কথা কয় তেনেহলে সপোনত ককাকে তেওঁক অধম বুলি কৈছিল বুলি মোৰ দৃঢ় বিশ্বাস। এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। সংবাদমাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই কয় যে তেওঁ কৰা পাপৰ বাবে চাৰিবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাটো নিশ্চিত। ভগৱান শ্ৰীকৃষ্ণক জেহাদী সজোৱাৰ মানসিকতাক ধিক্কাৰ দি মন্ত্ৰী হাজৰিকাই জেহাদীয়ে হত্যা কৰে কিন্ত্ত অসমীয়াই শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ ৰাম ৰাম বুলি আগবাঢ়ি যায় বুলি মন্তব্য কৰি ভূপেন বৰাৰ বিৰুদ্ধে আইনে নিজৰ গতিৰে আগবাঢ়িব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মহাভাৰতৰ যুগৰ পৰাই লাভ জেহাদ চলি থকা বুলি মন্তব্য কৰি শ্ৰীকৃষ্ণ আৰু ৰুক্মিনীৰ বিবাহকো লাভ জেহাদৰ উদাহৰণ বুলি আখ্যা দিছিল। ইয়াতেই ক্ষান্ত নাথাকি শ্ৰীকৃষ্ণক লাভ জেহাদৰ লগত সাঙুৰি কৰা মন্তব্যত জাঙুৰ খাই উঠে বিভিন্ন দল সংগঠনৰ লগতে স্বয়ং কংগ্ৰেছ দলৰ একাংশ নেতা। ৰাণা গোস্বামীয়ে ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি আমিয়েই দল চলাম বুলিও হুংকাৰ দিয়ে। ফাট মেলা বসুমতি পাতালে লুকাও পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাতি সামাজিকত প্ৰয়াত ককাকে দৰ্শন দি গালি দিয়াৰ লগতে ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়া বুলি সংবাদমেল আয়োজন কৰি বৰাই অসমবাসীক ক্ষমা ভিক্ষা খুজে। আনহাতে জিলাই জিলাই ভূপেন বৰাৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ। আৰক্ষীয়ে ভূপেন বৰাৰ বিৰুদ্ধে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া হব লক্ষনীয়।

Leave A Reply