Breaking

লাহৰীঘাটত লুইতৰ গৰাখহনীয়া অব্যাহত!নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ!যোৱা বৰ্ষত নিৰ্মিত মথাউৰি জাহ যোৱাৰ সম্ভাৱনা

0 2,337

 বাৰিষাৰ পূৰ্বেই  মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে লুইতৰ গৰাখহনীয়া !লাহৰীঘাটৰ ভিন্ন স্হানত লুইতে অধিক উগ্ৰৰূপ ধাৰণ কৰাত নৈপৰীয়া লোকসকলৰ মাজত হাহাকাৰ লাগিছে !বাৰিষাৰ পূৰ্বেই গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত  নৈপৰীয়া লোকসকল অধিক শংকিত হৈ পৰিছে !সম্প্ৰতি লাহৰীঘাটৰ মহমাৰী পথাৰ আৰু টেঙাগুৰি কছাৰী গাঁৱত খহনীয়া অব্যাহত আছে ! যোৱা এমাহ  ধৰি এই দুয়োটা অঞ্চলত অব্যাহত থকা গৰাখহনাীয়াত প্ৰায় অৰ্ধশতাধিক পৰিয়াল  গ়হহীন  হৈছে !ইয়াৰ উপৰি এই গৰাখহনীয়াত জাহ গৈছে শয্য শ্যামলা পথাৰ !খহনীয়াই উগ্ৰৰূপ ধাৰণ কৰাত একাংশ নৈপৰীয়া লোক নিৰাপদ স্হানত ঢাপলি মেলিছে !গৰাখহনীয়াত মাটি ভেটি হেৰুৱা অধিকাংশ লোক ৰাজপথত আশ্ৰয় লব লগা হৈছে !এইদৰে খহনীয়া চলি থাকিলে বাৰিষাত খহনীয়াই অধিক ভয়াৱহ ৰূপ লব বুলি নৈ পৰীয়া লোক সকলে ধাৰণা কৰি একাংশই নিৰাপদ স্হানত যোৱাৰ প্ৰস্ততি চলাইছে !ইফালে এইদৰে মহমাৰী পথাৰত গৰাখহনীয়া অব্যাহত থাকিলে কিছুদিনৰ ভিতৰতেই যোৱা বৰ্ষত জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি জাহ যোৱাৰ সম্ভাৱনা  আছে !মথাউৰিৰ পৰা মাত্ৰ ৩০০মিটাৰ দূৰত্বত লুইতে তাণ্ডৱলীলা অব্যাহত ৰাখিছে !গৰাখহনীয়াত জাহ গলে বাৰিষাত বানত বুৰ যাব সমগ্ৰ মৰিগাঁও জিলা !মথাউৰি জাহ যোৱাৰ আশংকাত আতংকিত হৈ পৰিছে জিলা বাসী !গৰাখহনীয়াই তাণ্ডৱলীলা অব্যাহত থকাৰ পিছতো জিলা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্হা গ্ৰহন কৰা নাই বুলি নৈপৰীয়া ৰাইজে অভিযোগ কৰিছে ! মহমাৰী পথাৰ আৰু টেঙাগুৰি কছাৰী গাঁৱত অব্যাহত থকা গৰাখহনীয়াৰ সাময়িক ভাৱে প্ৰতিৰোধৰ ব্যৱস্হাা  কৰি মথাউৰি ৰক্ষাকৰিবলৈ  নৱ গঠিত মিত্ৰজোঁট চৰকাৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক নৈপৰীয়া ৰাইজে অনুৰোধ জনাইছে !অন্যথা বাৰিষাৰ সময়ত জিলাখনৰ অধিকাংশ অঞ্চলত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে !

Leave A Reply