Breaking

তৃতীয় বাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে লুই ইনাছিঅ’ লুলা দা ছিলভাই…

0 49

তৃতীয় বাৰৰ বাবে যোৱা দেওবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে লুই ইনাছিঅ’ লুলা দা ছিলভাই(Luiz Inácio Lula da Silva )। শপত গ্ৰহণ কৰাৰ পিছত লুলাই ব্ৰাজিলক “পুনৰ নিৰ্মাণ” কৰি পৰিৱেশ আৰু দৰিদ্ৰৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ব্ৰাজিলৰ প্ৰয়াত ফুটবল কিংবদন্তি পেলে আৰু প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ সন্মানত এক মিনিটৰ মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পিছতে আৰম্ভ হয় শপত গ্ৰহণ। ৭৭ বছৰীয়া লুলাই ইয়াৰ পূৰ্বে ২০০৩ চনৰ পৰা ২০১০ চনলৈকে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শপত গ্ৰহণ কৰাৰ পিছত তেওঁ কয় যে তেওঁৰ চৰকাৰে ব্ৰাজিলৰ মন্থৰ অৰ্থনীতি বৃদ্ধিৰ বাবে কাম কৰিব। ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য, শিক্ষা আৰু বিজ্ঞান খণ্ডত পুঁজিৰ অভাৱ পূৰণৰ বাবেও প্রয়াস কৰা হ’ব৷ ব্যক্তিগত স্বাৰ্থৰ বাবে দেশৰ সম্পদ লুণ্ঠন ৰোধ কৰা হ’ব।

লুলাৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আছে ব্ৰাজিলৰ দৰিদ্ৰসকলৰ জীৱনৰ মান উন্নত কৰা, বৰ্ণ আৰু লিংগ সমতা অনা আৰু আমাজনৰ বনাঞ্চল ধ্বংস শূন্যলৈ হ্ৰাস কৰা আদি।

লগতে লুলাই কয়  – “মই ব্ৰাজিলৰ জনসাধাৰণৰ সৈতে দেশখন পুনৰ নিৰ্মাণ কৰিম।”

Leave A Reply