Breaking

শ্ৰদ্ধাৰ জীৱনলৈ প্ৰেমৰ প্ৰৱেশ! ৰাহুল মোদীৰ সৈতে প্ৰেমৰ সম্পৰ্কত শ্ৰদ্ধা…

0 87

শ্ৰদ্ধাৰ জীৱনলৈ প্ৰেমৰ প্ৰৱেশ! ৰাহুল মোডীৰ সৈতে প্ৰেমৰ সম্পৰ্কত শ্ৰদ্ধা। আকৌ এবাৰ প্ৰেমত পৰিছে শ্ৰদ্ধা কাপুৰ। টু ঝুঠি মেইন মক্কাৰৰ কাহিনী লেখক ৰাহুল মোদীৰ সৈতে ডেটিং কৰি আছে শ্ৰদ্ধাই। বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে নিজৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ বাবে শিৰোনাম দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱন ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। টু ঝুঠি মেইন মক্কাৰৰ লেখক ৰাহুল মোদীৰ সৈতে চিনেমা চাবলৈ গৈছিল অভিনেত্ৰীগৰাকী। ইয়াৰ পিছত নেটিজেনসকলৰ মনত প্ৰশ্ন হৈছে যে আকৌ এবাৰ প্ৰেমত পৰিছে শ্ৰদ্ধ আৰু এই প্ৰেমিক জন হৈছে ৰাহুল মোদী।

আচলতে শ্ৰদ্ধা কাপুৰে অলপতে ৰাহুল মোডীৰ সৈতে চিনেমা চাবলৈ আহিছিল, য’ত অভিনেত্ৰীগৰাকীক পাপাৰাজীয়ে কেমেৰাত বন্দী কৰিছিল। চলচ্চিত্ৰ লেখক ৰাহুল মোদীৰ সৈতে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভিডিঅ’ ছবি ভাইৰেল হোৱাৰ পিছতে ৰাইজে মন্তব্য কৰিছে শ্ৰদ্ধা কাপুৰৰ জীৱনত পুনৰবাৰ প্ৰেমে প্ৰৱেশ কৰিছে। খবৰ অনুসৰি, শ্ৰদ্ধা কাপুৰৰ পূৰ্বে প্ৰায় চাৰি বছৰ ধৰি চেলিব্ৰিটি ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠৰ সৈতে সম্পৰ্ক আছিল। ২০২২ চনত দুয়োৰ সম্পৰ্ক বিচ্ছেদ হয়।

লুভ ৰঞ্জনৰ পৰিচালনাত শ্ৰদ্ধা কাপুৰৰ শেহতীয়া ছবি টু ঝুঠি তু মক্কাৰৰ লেখক আছিল ৰাহুল মোদী। ৰাহুল মোদী আৰু শ্ৰদ্ধা কাপুৰে তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক ৰূপ দিয়া নাই যদিও ৰাহুলে প্ৰায়ে শ্ৰদ্ধা কাপুৰৰ কুকুৰৰ সৈতে ফটো শ্বেয়াৰ কৰে। ৰাহুল আৰু শ্ৰদ্ধাৰ এই ঘনিষ্ঠতাৰ লগে লগে অনুৰাগীয়ে বহু আশা কৰিছে যাতে তেওঁলোকৰ সম্পৰ্ক দীৰ্ঘদিনীয়া হয়।

Leave A Reply