Breaking

অশ্ৰুসিক্ত নয়নেৰে অনুশীলন শিবিৰলৈ ৰাওনা লাভলীনা বৰগোহাঁই

0 2,035

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁই ৰাওনা হ’ল বেংগালুৰুলৈ বুলি। সুদীৰ্ঘ এটা বছৰৰ পিছত 17 আগষ্টত ওপজা ঘৰখনত ভৰি দিয়া বক্সিং কন্যাগৰাকী   মাত্ৰ কেইটামানহে দিন নিজা ঘৰখনত আপোনজনৰ সৈতে কটাই উচ্চ পৰ্যায়ৰ অনুশীলনৰ বাবে বেংগালুৰুলৈ যাত্ৰা কৰিলে । গাঁৱৰ বোকা পানী খছকি ডাঙৰ দীঘল হোৱা লাভলীনাই লগত লৈ গল আপোন গাঁওখনৰ  নিভাঁজ  মৰমবোৰ ।    বেংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ’ল অসম গৌৰৱ লাভলীনা ।  গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ  বাৰমুখীয়া গাৱৰ নিজা ঘৰখনৰ পৰা 3 চেপ্তেম্বৰৰ  পুৱাই পিতৃসহ ডিমাপুৰ বিমান বন্দৰৰ পৰা বেংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হয় লাভলীনা। ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰে বক্সিং কন্যাগৰাকী । এটা বছৰেই মাতৃৰ মৰমকণৰ পৰা বঞ্চিত লাভলীনাই বিভিন্ন চৰকাৰী বেচৰকাৰী  অনুষ্ঠানত অংশগ্ৰহন কৰি থকাৰ বাবে  মাথো চেগা চুৰুকাকৈ কেইটামান নিশাহে মাতৃৰ সৈতে পাৰ কৰিবলৈ পালে।  বিদায় পৰত  বাৰে বাৰে মাতৃ ভগ্নীক সাৱটি ধৰে লাভলীনাই।  মাতৃৰ বুকুত সোমাই আবেগিক সৈতে পৰে লাভলীনা । অসুস্থ মাতৃ  মামণি বৰগোহাঁইয়ে  চকুলো টুকি বিদায় দিয়ে নিজ কন্যাক। ইপিনে লাভলীনাক বিদায় দিবলৈ পুৱাই লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বহু অনুৰাগী । বিদায় পৰত লাভলীনাক বিধায়কজনে  লাভলীনাৰ নামত নিৰ্মান হৱ লগীয়া ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখুৱাই  । নিৰ্মান হৱ লগীয়া ক্ৰীড়া প্ৰকল্প সন্দৰ্ভত  লাভলীনাই বিধায়কজনৰ সৈতে আলোচনা কৰে। ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখি সন্তুষ্টি প্ৰকাশ কৰে লাভলীনাই। লগতে সোনকালেই প্ৰকল্পটো নিৰ্মাণ হৈ, উঠি অহা প্ৰজন্মই যাতে উন্নত মানদণ্ডৰ আন্তঃগাঁথনিৰে ক্ৰীড়া  অনুশীলনৰ সুবিধাকণ লাভ কৰিব পাৰে তাৰো আশা প্ৰকাশ কৰে।  ইপিনে বিধায়ক বিশ্বজিৎ ফুকনলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে লাভলীনাই টি চাৰ্ট, ট্ৰেকচুত আদি উপহাৰ প্ৰদান কৰে।