Breaking

জুবিন গাৰ্গৰ সৈতে ছুটিঙত ব্যস্ত লাভলীনা

0 2,050

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ড’ৰ ষ্টেডিয়ামত সোমবাৰে একেলগে এটা গীতৰ ছুটিঙত অংশ ল’লে অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু যুৱ প্ৰজম্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ (Zubeen Garg)এ। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধিনৰ সমগ্ৰ শিক্ষাৰ জৰিয়তে এটা সৰু ভিডিঅ’ প্ৰস্তুত কৰা হৈছে। য’ত কণ্ঠদান কৰিছে জুবিন গাৰ্গে আৰু অভিনয় কৰিছে লাভলীনা বৰগোহাঁইয়ে।

এই গীতটো শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে জিলা পৰিদৰ্শকৰ যোগেদি সমগ্ৰ ৰাজ্যতে প্ৰচলন কৰিব। যাতে লাভলীনা-জুবিনৰ এই গীতটোৰ জৰিয়তে আমাৰ উঠি অহা খেলুৱৈ সকল উপকৃত হ’ব পাৰে। চৰকাৰৰ এই পদক্ষেপৰ বাবে লাভলীনা আৰু জুবিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক অভিনন্দন জনায়।

Leave A Reply