Breaking

কোকৰাঝাৰৰ দেৱৰগাঁও বিদ্যালয়ত পুতি থলে মধ্যাহ্ন ভোজনৰ চাউল

0 2,264

 কোকৰাঝাৰ জিলাৰ ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা কেন্দ্ৰক কৰি বিদ্যালয়খনত আজি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চনা কৰি মধ্যাহ্ন ভোজনৰ চাউল নিশা গোপনে বিদ্যালয় প্ৰাংগনত পুতি থোৱাক কেন্দ্ৰ কৰি একাংশ অভিভাৱক ক্ষুব্ধ হৈ পৰিছে । ছাত্ৰ ছাত্ৰীৰ পেটৰ ভাত কাঢ়ি নি চাউল পুতি থোৱা দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে একাংশ অভিভাৱকে । উল্লেখ্য যে বিদ্যালয় চৌহদত দূৰ্গোন্ধ বিয়পি পৰাত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সন্মতিত বিদ্যালয়ৰ অধ্যক্ষই নিশা হাজিৰা লগাই মধ্যাহ্ন ভোজনৰ ১৭ কুইণ্টলকৈ চাউল পুতি থোৱা বিষয়ে গম পাই আজি একাংশ অভিভাৱকে সাংবাদিকক অৱগত কৰে আৰু মাটি খান্দি পচি যোৱা চাউল বাহিৰ কৰে । অভিভাৱকসকলে ক্ষুব্ধ হৈ সংবাদমাধ্যমৰ আগত কয় যে বিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰ ছাত্ৰীক নিয়মিতভাৱে মধ্যাহ্ন ভোজন পৰিৱেশন নকৰে । ৩৩২ জন ছাত্ৰ ছাত্ৰী থকা আৰু ছজনকৈ ৰান্ধনী আৰু সহায়িকা থকা বিদ্যালয়খনত এনেদৰে মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইপিনে বিদ্যালয়খনৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীৱে কয় যে খোৱাৰ বাবে অনুপযোগী হোৱা চাউলখিনি বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ আৰু সিদ্ধান্তমৰ্মে চাউলখিনি পুতি থোৱা হৈছিল বুলি মন্তব্য কৰে । উক্ত চাউলখিনি ২০১৯ চনৰ আছিল বুলি মন্তব্য কৰি অধ্যক্ষই গুদামঘৰৰ আন্ত:গাঁথনি সন্দৰ্ভতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । বিভাগীয়ভাৱে নিৰ্মান কৰা গুদালঘৰৰ আন্তগাঁথনি মুঠেই সন্তোষজনক নহয় আৰু পানী নিগৰি আহি চাউল নষ্ট হয় বুলি মন্তব্য কৰি চাউলৰ গুদামঘৰত নিগনিৰ উপদ্ৰৱৰ বাবে চাউল নষ্ট হোৱা বুলি মন্তব্য কৰি অধ্যক্ষই বেয়া হোৱা চাউলখিনি ছাত্ৰ -ছাত্ৰীক খুৱাই ছাত্ৰ ছাত্ৰীক মাৰি পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে । তদুপৰি ৰান্ধনি আৰু সহায়িকা কেতিয়াবা নাহে  যাৰ পৰিণতিতে চাউল ৰাহী হৈ নষ্ট হয় বুলি মন্তব্যৰে ৰান্ধনি – সহায়িকাৰ ওপৰত অধ্যক্ষৰ নিয়ন্ত্ৰণ নাথাকে আৰু ৰান্ধনি নাহিলে অধ্যক্ষই ৰান্ধি খুয়াব নেকি বুলি প্ৰশ্নও উত্থাপন কৰে অধ্যক্ষই । ইপিনে বিটিচৰ শিক্ষা বিভাগৰ সঞ্চালক জেপি ব্ৰহ্মই ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা ঘটনাৰ তদন্ত কৰা হব বুলি মন্তব্য কৰি ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ।

Leave A Reply