Breaking

লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে, সেয়ে ওলাই আহিল আছুৰ পৰা

0 220

দুলিয়াজানত অনুষ্ঠিত হৈ যায় সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন  । সেই অধিৱেশনত সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । দুলিয়াজানৰ পৰা গুৱাহাটীলৈ ওভতি কণ্ঠশিল্পী গৰাকীয়ে আছু সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি কয় যে ‘‘সদৌ অসম ছাত্ৰ সন্থা ছাত্র সন্থা হৈয়ে থাকক । ছাত্ৰ সন্থা ছাত্ৰ সন্থা হৈ থাকিলে জাতিৰ সপোন পূৰ্ণ হ’ব” । লুৰিণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কণ্ঠশিল্পী  হাজৰিকাই কয় যে ”আহোমৰ, ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত । লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে সেয়ে ওলাই আহিল আছুৰ পৰা” ।লগতে তেখেতে কয় যে “ৰাইজৰ মতামতক লৈ আছু আগবাঢ়ি  যাব লাগে । তেওঁলোকৰ মাজত থকা অসুয়াবোৰ আলোচনাৰ মাধ্যমৰে দূৰ কৰি জাতিটোৰ সংকটৰ সময়ত আগবঢ়িব লাগে ।

Leave A Reply