Breaking

ধলাত লকডাউনৰ মাজতেই নিৰ্মাণ কৰা ৫০ মিটাৰ বাঁহৰ দলং উদ্বোধধন কৰিলে লুৰীণজ্যোতি গগৈয়ে

0 86

ডিৰাক সীমান্ত

তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আজোখা আৰু সোণাৰী গাঁও সংযোগী ধলা নদীৰ ওপৰত দলং লকডাউনৰ সময়চোৱাত ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত সাজি উলিয়ালে ৫০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং৷  চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শ্ৰমদানেৰে নিৰ্মাণ কৰিছে উলিয়াইছে এই দলংখন৷ ৰাইজে স্থানীয় বিধায়কগৰাকীক বাৰম্বাৰ আৱেদন-নিবেদন জনাইছিল যদিও কোনো সঁহাৰি নিদিলে স্থানীয় বিধায়কগৰাকীয়ে৷ ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ বাবে শদিয়াৰ বিধায়কৰ আসনখন দখল কৰা বলীন চেতিয়াই অঞ্চলটোৰ বাবে কোনো কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাইজে নিৰ্মাণ কৰি উলিওৱা দলংখন বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে উদ্বোধন কৰি প্ৰতিগৰাকী শ্ৰমদাতালৈ কৃতজ্ঞতা জনাই স্থানীয় বিধায়কগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে৷ উল্লেখ্য যে বাৰিষা সময় চোৱাত মৰণত শৰণ দি কলৰ ভূৰত উঠি মেগেলা উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰীসকলে। ভূৰত উঠি পাৰাপাৰ হ’ব লগীয়া হোৱা স্থানত আজোখা গাঁৱৰ ৰাইজৰ উদ্যোগত সোনাৰী গাঁৱৰ ৰাইজৰ সহযোগত এখন কাঠ-বাঁহৰ দলং সাজি উলিওৱাত অতি কমেও ১০-১২ খন গাঁৱৰ ৰাইজৰ বহু দিনীয়া অভাৱ পুৰণ হ’ল৷ স্মৰ্তব্য যে সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মেগেলা সমষ্টিৰ সদস্যগৰাকীয়ে এখন কাঠৰ টুলুঙা নাৱৰ ব্যৱস্থা কৰি দিছিল যদিও নিম্ন মানদণ্ডৰ কাঠেৰে তৈয়াৰী নাওখন মাত্ৰ কেইদিনমানতে নষ্ট হয়৷ লকডাউনৰ সময়চোৱাত আবদ্ধ হৈ পৰা ৰাইজে কাঠ-বাঁহৰ লগতে নগদ ধন সংগ্ৰহ কৰি সামাজিক দুৰত্ব বজাই ৰাখি নাহৰ কাঠৰ খুঁটা দি ওপৰত দুজাপকৈ বাঁহৰ কামি বৈ এখন মজবুট দলং সাজি উলিয়ালে৷ প্ৰায় এক লাখৰো অধিক মূল্যৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনেৰে এতিয়া চাইকেল, মটৰচাইকেল অবাধে পাৰ হ’ব পৰা হোৱাত ৰাইজৰ বাবে বহু দীঘলীয়া বাট তেনেই চমু হৈ পৰিল৷

Leave A Reply