Breaking

প্ৰয়াত দীপশিখা হাজৰিকা আৰু ক্ষীৰোদ খাকলাৰীৰ বাসভৱনত লুৰীণজ্যোতি গগৈ

0 65

অলপতে উত্তৰাখণ্ডত বৰফৰ ধুমুহাৰ কৱলত পৰি দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা অসমীয়া পৰ্বতাৰোহী দীপশিখা হাজৰিকা আৰু যোৱা শনিবাৰে মৃত্যমুখত পৰা সংগীত শিল্পী ক্ষীৰোদ খাকলাৰীৰ বাসভৱনত আজি উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷

পৰ্বতাৰোহৰ প্ৰশিক্ষণ লোৱা অৱস্থাত দীপশিখাই প্ৰাণত্যাগ কৰিবলগীয়া হৈছিল৷ আনহাতে বড়ো সংগীত আৰু নৃত্যলৈ প্ৰভুত বৰঙণি আগবঢ়োৱা বাবে ২০০৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা ক্ষীৰোদ খাকলাৰীয়ে এদিন পূৰ্বে ৯৬ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ আজি জাতীয় পৰিষদৰ সভাপতি গগৈয়ে দলৰ এটা প্ৰতিনিধি গোটৰ সৈতে প্ৰয়াত দীপশিখা হাজৰিকাৰ শ্ৰীমন্তপুৰস্থিত বাসগৃহত আৰু ক্ষীৰোদ খাকলাৰীৰ নাৰেংগীস্থিত বাসগৃহত উপস্থিত হৈ দুয়োগৰাকীৰে প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা ব্যক্ত কৰে৷ দলৰ সম্পাদক প্ৰিন্স ফাইজুল হক, যুটীয়া সম্পাদক গিৰীণ তালুকদাৰসহ কেইবাগৰাকী নেতাই গগৈৰ সংগ দিয়ে৷

Leave A Reply