Breaking

বিধায়ক শ্বেৰমান আলী, কমলক্ষ দে পুৰকায়স্থক পাগলঃ সাংসদ কুইন ওজা

0 120

অসমৰ সংস্কৃতিৰ বিষয়ে জ্ঞান নাই অদ্ভুত মন্তব্য আগবঢ়োৱা বিধায়কৰ, ছাগলে নাখায় কি পাগলে নকয় কি ?

দৈনন্দিন বাৰ্তা সেৱা, প্ৰতিনিধি, ৩১ অক্টোবৰঃ শেহতীয়াকৈ কংগ্ৰেছ বিধায়ক শ্বৰমান আলীয়ে শংকৰদেৱে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্হাপন কৰাৰ প্ৰস্তাৱ বিতৰ্কৰ মাৰ নৌযাওঁতেই পুনৰ কংগ্ৰেছী বিধায়ক কমলক্ষ দে পুৰকায়স্থই বেংগলী মিউজিয়াম সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি জেষ্ঠ নেত্ৰী তথা সাংসদ কুইন ওজাই৷

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী অনুষ্ঠানত অংশগ্ৰহন কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাগলে নাখায় কি পাগলে নকয় কি? বিধায়ক শ্বেৰমান আলী আৰু কমলক্ষ দে পুৰকায়স্থৰ অসমৰ সংস্কৃতিৰ সাম্যক জ্ঞান নাই বুলি সাংসদ গৰাকীয়ে কয়৷

সাংসদ গৰাকীয়ে লগতে অসমত বসবাস কৰি অসমৰ বায়ু পানী সেৱন কৰি অসমক আকোৱা্লি ল’ব নোৱৰা ব্যক্তি অসমত থকাৰ নৈতিক অধিকাৰ নাই আৰু অসমৰ ৰাইজে এই সকল ব্যক্তিক ক্ষমা নকৰে বুলিও দোহাৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এজন ব্যক্তিয়ে কলে সেয়া দাবী নহয় বুলি কৈ বঙালী সকলে মিউজিয়াম বিচৰা নাই বুলিও জনায়।

কোনো কাৰনত অসমৰ সংস্কৃতি বিঘিণি হ’বলৈ দিয়া নহব বুলি ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ গৰাকীয়ে পুনৰ ২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

Leave A Reply