Breaking

গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত মা অনুষ্ঠানঃ শতাধিক আই মাতৃক সম্বৰ্ধনা…

0 30

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত, গোগামুখ মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত আৰু লখিমপুৰৰ অগ্ৰণী ব্যৱসায়ীক প্ৰতিষ্ঠান জি বৰদলৈ এন্টাৰপ্ৰাইজৰ পৃষ্ঠপোষকতাত ৩৪ সংখ্যক বৰ্ষৰ ২৪৫ সংখ্যক ‘মা’ অনুষ্ঠান আজি গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটো উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ অনুষ্ঠানটো উদ্বোধন কৰি তেওঁ কয়- ‘মা’ অনুষ্ঠান এটি মানৱ দৰদী অনুষ্ঠান ৷ বৃদ্ধ পিতৃ-মাতৃসকলক সেৱা কৰাৰ মানসেৰে অসমৰ বিভিন্ন প্ৰান্তত জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈ এই অনুষ্ঠান আয়োজন কৰি আহিছে ৷ ‘মা’ অনুষ্ঠানে  হাজাৰ হাজাৰ দুখীয়া, দিশহাৰা পিতৃ-মাতৃক সহায় কৰি  আহিছে আৰু  নৱপ্ৰজন্মক নিজৰ পিতৃ-মাতৃক কি দৰে আদৰ-সন্মান কৰিব লাগে তাৰে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছে বুলি অধ্যক্ষ ড° ঝাই মত প্ৰকাশ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈ কয়- মোৰ নিজৰ মাকক কেতিয়াবাই হেৰুৱালো যদিও মোৰ হাজাৰ হাজাৰ মাতৃ অসমত আছে ৷

মই অসমৰ বিভিন্ন ঠাইলৈ গৈ স্নেহৰ মাতৃসকলৰ পৰা প্ৰতি এমাহ-দুমাহৰ মুৰে মুৰে আশীৰ্বাদ লৈ আহিছোঁ ৷ মই তেওঁলোকক সন্তান বিভিন্ন উপহাৰ দি সেৱা জনাইছোঁ ৷ আজিৰ পৃথিৱীখন যান্ত্ৰিকতাৰ পৃথিৱী ৷ এই পৃথিৱীত সকলোৱে ব্যস্ত কোনেও কাকো মুৰ তুলি চাবলৈ যেন সময় নাই এনে অৱস্থা হৈছে ৷ আনকি নিজৰ বৃদ্ধ পিতৃ-মাতৃকো নিজৰ সন্তানে বৃদ্ধাশ্ৰমত ৰাখি আধুনিকতাৰ ঢঙত উঠি-ভাঁহি ফুৰে ৷  যি পিতৃ-মাতৃয়ে অনন্ত কষ্ট, দুখৰ বোজা লৈ, সীমাহীন সপোন দেখি ডাঙৰ-দীঘল কৰিলে এই সন্তানে যদি ক্ষন্তেকীয়া সুখৰ বাবে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখে তেন্তে ইয়াতকৈ দুুুখৰ বিষয় একো হ’ব নোৱাৰে ৷ পৃথিৱীৰ শ্ৰেষ্ঠ শব্দটোৱে হৈছে ‘মা’ ৷ ‘মা’ শব্দটো জীয়াই থাকিলেহে পৃথিৱীখন জীয়াই থাকিব আৰু মাতৃসকলক সন্মান কৰিলে ‘মা’ নামৰ বিশাল শব্দটোৰ মূল্য থাকিব বুলি তেওঁ আৱেগিকভাৱে অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু পিতৃ-মাতৃসকলক তেওঁ অৱগত কৰে ৷ অনুষ্ঠানত নিজ পিতৃ-মাতৃক সঠিকভাৱে শুশ্ৰূষা কৰাৰ বাবে ঔম প্ৰকাশ তিৱাৰীক ‘মা’ অনুষ্ঠানৰ শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা প্ৰদান কৰা হয় ৷ বঁটাটোত আছে নগদ ধন, শৰাই, মানপত্ৰ, চেলেং চাদৰ আৰু ফুলাম গামোচা ৷

অনুষ্ঠানত শতাধিক পিতৃ-মাতৃক উপহাৰ সামগ্ৰী প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পৰেশ দলে, হাজং ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ হাজং, গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিগন্ত বৰুৱা আদিয়ে ৷ এই সুন্দৰ অনুষ্ঠানত গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলে নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন নামৰ চুটি নাটখন প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে ৷

Leave A Reply