Breaking

পাৰ্টিলৈ আহিছিল মাধুৰী, অদিতি, ভূমি! সকলোৱে দৃষ্টি কেৱল মালাইকালৈ, লাজতে তলমূৰ কৰিলে বাকী অভিনেত্ৰীসকলে…

0 15

ব্যৱসায়ী আদৰ পুনাৱালাৰ পত্নী নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰে বলীউডৰ বহু চেলিব্ৰিটিয়ে। মাধুৰী দীক্ষিতৰ পৰা আৰম্ভ কৰি হৃতিক ৰোশনৰ প্ৰাক্তন পত্নী ছুছান খানেও নাটাছাৰ জন্মদিনৰ পাৰ্টিত অংশ লৈছিল। নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত দেখুৱাইছিল মালাইকা অৰোৰাই নিজৰ ষ্টাইল। মালাইকা অৰোৰাই ব্লেজাৰৰ সৈতে নীলা ৰঙৰ ষ্টাইলিছ আউটফিট পিন্ধিছিল। মালাইকাক হাই হিল, ডিঙিত সোণৰ হাৰ আৰু হাতত সোণৰ বেগ লৈ অতি গ্লেমাৰাছ ষ্টাইলত দেখা গৈছিল।

সোণম কাপুৰেও স্বামী আনন্দ আহুজাৰ সৈতে নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত অংশ লৈছিল। সোণম কাপুৰক ছিজলিং ষ্টাইলৰ সৈতে অল ব্লেক লুকত দেখা দিছিল।

ভূমি পেডনেকাৰে পিন্ধিছিল ক’লা ৰঙৰ দীঘল স্কাৰ্টৰ সৈতে গোলাপী ৰঙৰ হাই নেক টপ। ভূমি পেডনেকাৰৰ এই অস্বাভাৱিক ষ্টাইল ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।

স্বামীৰ সৈতে নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত অংশ লৈছিল মাধুৰী দীক্ষিতে।

অভিনেত্ৰী অদিতি ৰাওৰ লুক ষ্টাইলিছ হোৱাৰ লগতে কুল আছিল। বগা ৰঙৰ টপ আৰু নেভি ব্লু ব্লেজাৰ পিন্ধিছিল অদিতিয়ে নীলা ডেনিমৰ সৈতে।


Leave A Reply